ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ খবৰ - TOP 10 AT 1PM

1 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP 10 AT 1PM
1 বজাৰ 10 টা শীৰ্ষ খবৰ
author img

By

Published : Oct 10, 2020, 1:00 PM IST

কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ক্ৰমাৎ সুস্থ হৈ উঠিছে । এক সাক্ষাৎকাৰত তেওঁ কয় যে, 'প্ৰতি দুদিনৰ মূৰত COVID-19ৰ পৰীক্ষা কৰা হৈছে আৰু বৰ্তমান তেওঁ নিজকে সুস্থ যেন অনুভৱ কৰিছে।' ৱাল্টাৰ ৰীড মেডিকেল চেণ্টাৰত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাষ্ট্ৰপতিগৰাকী।

মহাৰাষ্ট্ৰত এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ অচিনাক্ত লোকে 7 গৰাকী লোকক এচিডৰে আক্ৰমণ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

লখিমপুৰ জিলাৰ নাৰায়নপুৰত এগৰাকী লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় বিগত 9 মাহে আৱদ্ধ কৰি ৰখা মহাৰাষ্ট্ৰৰ এজন লোকক ৷ উদ্ধাৰ কৰা লোকজন মহাৰাষ্ট্ৰৰ থানেৰ অনুপকৃষ্ণ লালগাৰে বুলি জানিব পৰা গৈছে ৷

8 বছৰ পিছতো ডিএইচডি উগ্ৰপন্থী গোটৰ লগত চৰকাৰৰ স্বাক্ষৰিত শান্তি চুক্তিৰ সফল ৰূপায়ন হোৱা নাই বুলি অভিযোগ ডিএইচডি-ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ নুনিচাৰ।

গ্ৰেপ্তাৰ হ’ল হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাব উদ্দিন। শিলচৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আফতাব উদ্দিনক। 40 লাখ টকাৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ ৷

গান্ধীনগৰৰ বাসগৃহত আৰক্ষীৰ অভিযান চলাই দুই কোটিৰো অধিক নগদ ধন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসক ৷

স্বাধীনতাৰ ৭৩ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে।

মূল অভিযুক্ত দিবন ডেকা, পি কে দত্ত, সুৰজ শৰ্মা আৰু বহুকেইজন ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পিছতেই শুকুৰবাৰে আন এজন ব্যক্তি ধৰা পৰিছে নলবাৰী আৰক্ষীৰ হাতত ৷

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷

টীয়কত প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ নামত এতিয়া বহিৰাগত প্ৰতিষ্ঠানে চলাইছে লুণ্ঠনৰাজ ৷ ষ্টেপ ইণ্ডাষ্টিজ নামৰ প্ৰতিষ্ঠানটোৱে সৌভাগ্য আঁচনিৰ অধীনত টীয়কৰ কেইবাখনো গাঁৱত বৈদ্যুতিকৰণ কামৰ আৱন্টন লাভ কৰিছিল । কিন্তু এই প্ৰতিষ্ঠানটোৱে টীয়কৰ বিশেষকৈ জাঁজীমুখৰ হাতীশাল অঞ্চলত বহু হিতাধিকাৰীৰ ঘৰত মিটাৰ লগায়ে দায়িত্ব সামৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.