ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 2, 2021, 10:59 AM IST

লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ

হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণত জড়িত ২4 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ ইফালে চিকিৎসকক আক্ৰমণৰ এই ঘটনাৰ প্ৰতিবাদত স্বৰূপে সমগ্ৰ অসমতে বুধবাৰে বন্ধ থাকিব বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মিশ্ৰই বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷

ৰাজনৈতিক ক্ষেত্ৰৰ ৰণ পালেহি ঘৰৰ চোতাল: আহত ছজন

কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা। ৰাইজৰ দলক সমৰ্থিত একেটা পৰিয়ালৰ ৬ জন লোক আহত । আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান

নলবাৰীৰ সৰিয়হতলীৰ মন্দিৰত চোৰৰ চাফাই অভিযান ৷ চোৰে লুটি নিলে কোটি টকাৰ সোণৰ আ-অলংকাৰ ৷ চোৰক কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

কঠিয়াতলীৰ পাঁচ স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা প্ৰশাসনৰ

কঠিয়াতলীৰ পাঁচ স্থানক কণ্টেইনমেণ্ট জ'ন(containment zone) ঘোষণা প্ৰশাসনৰ ৷ এই অঞ্চল সমূহত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে ৷

পিতা-পুত্ৰৰ কাজিয়াৰ পৰিণতিত অগ্নিদগ্ধ এখন বাহন

আমগুৰি খেমদৈ কাকতি গাঁৱত পিতা-পুত্ৰৰ পৰিণতিৰ ফলত পুত্ৰই পিতৃক প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিয়ে এখন ইণ্ডিকা বাহন ৷ এই অভিযোগ উত্থাপন কৰিছে পিতৃ ভোলা দত্তই ৷

সুৰাৰ হোম ডেলিভাৰী: স্থিতি স্পষ্ট দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি দিয়াৰ কেইঘণ্টামান পিছতে স্পষ্ট কৰিলে নিজৰ স্থিতি ৷ চৰকাৰখনে এই সন্দৰ্ভত কোনো বিশেষ অনুজ্ঞাপত্ৰ জাৰি নকৰাৰ কথা সদৰী কৰে ৷ ইয়াৰ বিপৰীতে অনুজ্ঞাপত্ৰ সংশোধন কৰাৰ কথাহে ব্যক্ত কৰে

অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ অভিযান

অবৈধ সুৰাৰ বিৰুদ্ধে ৰহা আৰক্ষী ৷ মঙলবাৰে নিশা ৰহাৰ মধ্য টোপাকুচিৰ ৰণোজ পাটৰৰ ঘৰত ৰহা আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে ১২৩ বটল অবৈধ ভাৱে বিক্ৰীৰ বাবে ৰখা বিলাসী সুৰা ৷ কিন্তু অভিযুক্ত ৰণোজ পাটৰ বৰ্তমান পলাতক অৱস্থাত আছে ৷

বিলাসীপাৰাত বিদ্যালয়ত অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ

মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে এখন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত অগ্নি সংযোগ কৰে ৷ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৪৬ নং পশ্চিম উদমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷

কাছাৰ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে । মঙলবাৰে শিলচৰ চহৰৰ মাজমজিয়া তাৰাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজনক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷ ইয়াৰ লগতে হেৰ'ইনসহ মবাইল আৰু নগদ টকা জব্দ কৰে কাছাৰ আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.