ETV Bharat / state

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Aug 15, 2020, 10:57 AM IST

Updated : Aug 15, 2020, 12:58 PM IST

11 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 at 11am
11 বজাৰ শীৰ্ষ বাতৰিসমূহ

দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস

আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাজধানী দিল্লীত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ক্ষন্তেক পিছতে ৰাজঘাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷

কৰিমগঞ্জত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কৰিমগঞ্জত সীমিত কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

নগাঁও আৰু নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী আৰু নগাঁৱতো সীমিত কাৰ্যসূচীৰে পালন কৰা হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ নলবাৰীত জিলা উপাযুক্ত পুৰবী কোঁৱৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে, নগাঁৱত উত্তোলন কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

বৰপেটাত জিলাৰ বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ উদযাপন স্বাধীনতা দিৱস

বৰপেটাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ একেদৰে কলগাছিয়াতো ৰাজহুৱা খেলপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি অজিত কলিতাই ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’লে খণ্ড-বিখণ্ড হ’ব অসম : প্ৰদীপ দত্ত ৰয়

আছুৱে 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা কৰা কাৰ্যক অন্যায় তথা বেআইনী আখ্যা প্ৰদীপ দত্ত ৰয়ৰ ৷ আছুৱে যদি জাতীয়তাবাদ ধৰি ৰাখে আৰু অসম চুক্তিৰ ছয় নং ধাৰা যদি বাস্তবায়িত হয় তেন্তে অসম খণ্ড-বিখণ্ড হৈ যাব বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰে প্ৰদীপ দত্ত ৰয়ে ৷

শিক্ষাৰ্থীৰ মাহেকীয়া মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক

মে’ মাহৰ 1 তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে বিদ্যালয় আৰম্ভ নোহোৱা পৰ্যন্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক শিক্ষাৰ্থীৰ মাহেকীয়া মাচুল 25 শতাংশ ৰেহাই দিবলৈ পৰামৰ্শ শিক্ষামন্ত্ৰীৰ ৷

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনে দুৰ্বিসহ কৰিছে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ লোকৰ জীৱন

গৰাকী স্থানীয় ব্যক্তি ছিদ্দিকে কয় যে, ‘পাকিস্তানী সেনাই নিৰীহ লোকসকলক হত্যা কৰিছে কাৰণ ভাৰতীয় সেনাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা তেঁওলোকৰ নাই ৷ ভাৰতীয় সেনাই প্ৰয়োজনৰ সময়ত আমাৰ কাষত আহি উপস্থিত হয় ৷’

কমলা হেৰিছৰ মনোনয়নকলৈ উৎসাহী নহয় নতুন দিল্লী

বিদেশৰ যিকোনো স্থানতে হওঁক, ভাৰতীয় বা ভাৰতীয় মূলৰ কোনো লোকৰ সফলতাক গৌৰৱেৰে আঁকোৱালি লোৱাটো ভাৰত চৰকাৰৰ এক প্ৰকাৰৰ পৰম্পৰালৈ পৰিগণিত হৈছে । আমেৰিকাৰ ৰাজনৈতিক দলৰ পৰা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মনোনয়ন লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা তথা ভাৰতীয় মূলৰ প্ৰথমগৰাকী লোক হিচাপে কমলা হেৰিছকলৈ ভাৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰাটো আশ্চৰ্যকৰ ।

ক’ভিড-১৯ ৰ কালচোৱাত ত্ৰাণকৰ্তা ৰূপত এম জি এনৰেগা আৰু কৃষি ক্ষেত্ৰ

মহামাৰীয়ে শ্ৰম বজাৰত এক অভূতপূৰ্ৱ আঘাত হানিছে ৷ আনফালে লক ডাউনে প্ৰায় সমস্ত অৰ্থনৈতিক কাম-কাজ সমূলি স্তব্ধ কৰি পেলাইছে ৷ কিন্তু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাসকল হ’ল, পিৰামিডৰ একেবাৰে তলৰ শাৰীত থকাসকল ৷ বিশেষকৈ প্ৰৱজ্জনকাৰী বনুৱাসকল ৷ এই মহামাৰীয়ে অসংগঠিত বনুৱাসকলৰ পৰা ব্যাপক হাৰত সংস্থাপন আৰু উপাৰ্জনৰ পথবোৰ কাঢ়ি লৈ গ’ল ৷ সংস্থাপনহীনতা ২০২০ চনৰ মাৰ্চ মাহৰ ৮.৪ শতাংশৰ পৰা বাঢ়ি গৈ এপ্ৰিল আৰু মে’ত ২৭ শতাংশ হয়গৈ ৷ যাৰ ফলশ্ৰুতিত ১২২ মিলিয়নে সংস্থাপন হেৰুৱাই ৷

লক ডাউনে অশনি সংকেত আনিছে ৰাজ্যৰ থলুৱা বস্ত্ৰ ব্যৱসায়ীলৈ

লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য়ৰ থলুৱা কাপোৰৰ ব্যৱসায়ী সকল ৷ থলুৱাভাবে উৎপাদিত কাপোৰৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই সকল ব্যৱসায়ী বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷

Last Updated : Aug 15, 2020, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.