নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা
বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ এখন কৰ্মী সভা ৷ এই সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা । বৰাই সভাত ক্ষমতাত নাথাকিলে কংগ্ৰেছ উন্মাদ হৈ পৰে বুলি মন্তব্য কৰাৰ লগতে দেশৰ স্বাধীনতা অনা কংগ্ৰেছ নেতা সকলে অসমৰ বেদনা বুজি নাপালে বুলিও মন্তব্য কৰে ।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেপৰা তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ ফলত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়সমূহ ৷
হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্বোধন
বৃহস্পতিবাৰে হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ এক প্ৰদৰ্শনীৰ উদ্বোধন কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই । পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাঁজপাৰ আৰু হাতেৰে তৈয়াৰী বিভিন্ন কাপোৰ এই প্ৰদর্শনীত প্ৰদশিত কৰা হৈছে ৷
বকেয়া দৰমহা মুকলিৰ দাবীত আধাৰ কাৰ্ড কৰ্মীৰ প্ৰতিবাদ
বৃহস্পতিবাৰে হাইলাকান্দিত আধাৰ কাৰ্ডৰ কামত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বকেয়া দৰমাহ মুকলিৰ দাবীত পাৰিজা এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বকেয়া ধন প্ৰদান নকৰালৈকে আধাৰ কাৰ্ড কেন্দ্ৰত সম্পূৰ্ণৰূপে কাম স্থগিত ৰখাৰ সকিয়নী প্ৰদান কৰে আধাৰ কাৰ্ডৰ কৰ্মচাৰী সকলে ৷
অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আতংক
অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিয়ে লৈছে কিছু স্বাভাৱিক ৰূপ ৷ ক্ৰমাৎ পৰিস্থিতি শান্ত হৈছে যদিও আজি পৰ্যন্ত গৃহহীন হৈ আছে অঞ্চলটোক বহু লোক ৷
অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান
বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত কৰা হয় অপূৰ্ব কুমাৰ শৰ্মাৰ স্মৃতিত স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান । অসম প্ৰদেশ সাংবাদিক সন্থা (আপজু)ৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠান ৷
এতিয়াৰ গণতন্ত্ৰ হৈছে প্ৰজাতন্ত্ৰ : অসম নাগৰিক সমাজ
বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ কেতবোৰ নীতিৰ বিৰুদ্ধে সংবাদমেল সম্বোধন নাগৰিক সমাজৰ ৷ গণতন্ত্ৰৰ লগতে বিজেপিয়ে পূৰণ নকৰা বহু প্ৰতিশ্ৰুতিৰ কথা আঁওৰায় নাগৰিক সমাজে ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই
11 ফেব্ৰুৱাৰীত চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ বঙাইগাঁও শোধানাগাৰ হেলিপেডত উপস্থিত হৈ সম্বৰ্ধনা জনায় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷
কৰ্ণাটকত ভাতৃয়ে ভগ্নীক কৰিলে অন্ত:সত্তা
কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ মুডিগেৰে তালুকৰ এজন যুৱকে নিজ ভনীয়েককে কৰিলে অন্ত:সত্তা ৷ অভিযুক্ত যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে ৷
ৰাজ্যসভাৰ সচিবালয়ৰ এক আনুষ্ঠানিক বিবৃতি যোগে শনিবাৰে অৰ্থাৎ 13 ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ বৈঠক স্থগিত ৰখাৰ লগতে সকলো কাম-কাজ স্থগিত ৰখা হৈছে ৷