Manipur election 2022 phase 1 : আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
মণিপুৰৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (Manipur election 2022 phase 1) সোমবাৰে অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ১৭৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ যাৰ ভিতৰত ১৫ গৰাকী মহিলা (Manipur election 2022 phase 1) প্ৰাৰ্থী ।
Ukraine-Russia conflict : যুদ্ধ সম্পৰ্কীয় নিজৰ স্থিতিত অটল ভাৰত
ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষক লৈ চিন্তিত সমগ্ৰ বিশ্ব ৷ ৰাষ্ট্ৰ দুখনৰ মাজৰ সংঘৰ্ষক লৈ ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ভূমিকাক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ।
Manipur election 2022 phase 1 : সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে
সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly elections 2022) প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷
শ্ৰীমন্ত শংকৰদেৱে অসমত থকা ঠাইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে : মুখ্যমন্ত্ৰী
নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অন্তিম দিনা অধিৱেশনস্থলীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (91st Annual Session of srimanta Sankardev Sangha) । অধিৱেশনত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিত বুলি মত প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ ৷
Russia Ukraine conflict: সুকলমে স্বদেশ পালেহি আৰু চাৰি অসমৰ ছাত্ৰ
এতিয়াও অশান্ত জৰ্জৰ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন (Russia Ukraine crisis)৷ ৰাছিয়া ইউক্ৰেইনৰ সংকটৰ মাজতে শনিবাৰ আৰু দেওবাৰৰ দিনটোৰ ভিতৰত অসমৰ মুঠ ১০ গৰাকী অসমৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰৰ বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ে সুকলমে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা হৈছে ৷
কাজিৰঙা ভ্ৰমণ সামৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind) অন্তিম দিনা অৰ্থাৎ দেওবাৰে হাতী চাফাৰীৰে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)।
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস
প্ৰথমবাৰ নিবিদাত কাগজ কলৰ মূল্য নির্ধাৰণ কৰা হৈছিল ১,১৩৯ কোটি টকা । তিনিগুণলৈ হ্রাস কৰা হ'ল কাগজ কল দুটাৰ নিলাম মূল্য (Auction price of paper mills reduced)।
Russia Ukraine War : ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে হোৱাটছএপ নম্বৰ, মেইল আইডি মুকলি
ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ হোৱাটছএপ নম্বৰ আৰু ই-মেইল আই ডি মুকলি (Helpdesk for Assam People trapped in Ukraine) ৷
UP Assembly polls :'বিজেপিক ৰাজ্যখনৰ পৰা বিতাৰিত কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে'-পি এল পুনিয়া
বাৰাবাঁকীৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে কংগ্ৰেছ নেতা পি এল পুনিয়াই । তীব্ৰ ভাষাৰে সমালোচনা বিজেপিক (Congress leader PL Punia criticizes BJP)। ৰাজ্যখনত বিজেপিয়ে নিজৰ অস্তিত্ব হেৰুৱাইছে যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ পৰা আৰম্ভ কৰি দলৰ সভাপতি জে পি নাড্ডা সকলোৱে ৰাজ্যখনত প্ৰচাৰ চলাইছে ।
Nyay Yatra for Lalu Prasad: লালুৰ ন্যায়ৰ বাবে পুত্ৰ তেজ প্ৰতাপৰ 'ন্যায় যাত্ৰা' অভিযান
পশুখাদ্য কেলেংকাৰীৰ (Bihar fodder scam) অভিযোগত কাৰাগাৰত বন্দী হৈ আছে লালু প্ৰসাদ যাদৱ । পিতৃক ন্যায় প্ৰদানৰ উদ্দেশ্যে তেজ প্ৰতাপে আৰম্ভ কৰিলে 'ন্যায় যাত্ৰা' শীৰ্ষক অভিযান । অভিযানৰ অংশস্বৰূপে ই-ৰিক্সা ব্যৱহাৰ কৰি গাঁৱে গাঁৱে ভ্ৰমণ কৰিব চত্ৰ জনশক্তি পৰিষদৰ সদস্যসকলে ।