ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি... - Majuli

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

world first aid day 2021
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 11, 2021, 11:00 AM IST

নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটোক লৈ সমগ্ৰ বিশ্বনাথত তীব্ৰ চাঞ্চল্য ৷

লক্ষ্য পেৰিছ অলিম্পিক : পুনৰ অনুশীলনত ব্যস্ত লাভলীনা

দেশবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে সাজু হৈছে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা ৷ পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে এতিয়া পুনৰ বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত হৈছে লাভলীনা ৷

আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত আটক হৈছে কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা ৷ শুকুৰবাৰে ২৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পৰে হিমানজ্যোতি ৷

পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

ভয়াৱহ নিমাতীঘাট নাও দুৰ্ঘটনাত মৃত্যু হোৱা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মহানগৰীৰ কাহিলীপাৰাৰস্থিত বাসভৱনত শুকুৰবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তেখেতৰ শোকস্তব্ধ পিতৃ-মাতৃ আৰু নিকটাত্মীয়ক গভীৰ সমবেদনা আৰু সান্ত্বনা দিয়ে মন্ত্ৰীগৰাকীয়ে ।

ৱাগন ট্ৰেজেডী : ব্ৰিটিছে কৰা গণহত্যাৰ পাহৰিব নোৱাৰা ইতিহাস

মালাবাৰ বিদ্ৰোহৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ আৰু দমন কৰা স্বত্বেও, আন্দোলন তীব্ৰতৰ হৈছিল । ১৯২১ চনৰ ২০ নৱেম্বৰ, কেৰালাৰ বিভিন্ন ঠাইত মাটিৰ মালিক আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ উঠিছিল ।

অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

অসম চুক্তিৰ 6 নং দফা আৰু ৰাজ্য কঁপাই যোৱা এপিএচি(APSC) কাণ্ডৰ সৰ্ন্দভত শুকুৰবাৰে পাঠশালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই ৷

কাৰাগাৰৰ পৰা পলাতক সন্তোষ সিঙক পুনৰ গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

পলাতক সন্তোষ সিঙক শুকুৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ সন্তোষ সিঙক ৷

9/11 আক্ৰমণৰ 20 টা বছৰ

2001 চনত 11 ছেপ্তেম্বৰৰ দিনটোতে অল-কায়দাৰ দ্বাৰা বৰ্বৰ আক্ৰমণৰ বলি হৈছে আমেৰিকা ৷ 19 গৰাকীকৈ লোকে চাৰিখন বাণিজ্যিক এয়াৰলাইনৰ বিমান হাইজেক কৰি বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু দ্য পেন্টাগনত আত্মঘাতী আক্ৰমণ চলাইছিল ৷

ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ: ঘটনাৰ তদন্ত কৰিব অপৰাধ শাখাই

বুধবাৰে ত্ৰিপুৰাৰ দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে । এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ত্ৰিপুৰাত । দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে সাংবাদিকসকলে ।

বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস 2021: প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা

প্ৰাথমিক চিকিৎসাৰ বিষয়ে সজাগতা বিয়পাবলৈ আৰু প্ৰাথমিক চিকিৎসাৰ দ্বাৰা কেনেদৰে এগৰাকী লোকক সংকটজনক অৱস্থাৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি, সেইবিষয়ে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস (World First Aid Day) উদযাপন কৰা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.