ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 বাতৰি... - TOP 10 @ 11 AM

11 বজাৰ শীৰ্ষ 10 বাতৰি...

11 বজাৰ শীৰ্ষ 10 বাতৰি...
11 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Aug 29, 2021, 11:00 AM IST

Tokyo Paralympics: টেবুল টেনিছত পদক জয়েৰে ইতিহাস ৰচনা ভৱিনাৰ

হুইল চেয়াৰতে বহি ইতিহাস ৰচিলে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ ভৱিনাবেন পেটেলে(Bhavinaben Patel) । টকিঅ'ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিক(Paralympics)ত টেবুল টেনিছ(Table Tennis)ৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে ভৱিনাই ।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই দিনটোত বিভিন্ন বয়সৰ খেলুৱৈয়ে কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰি উদযাপন কৰে ।

ক’ভিড ব্যৱস্থাপনাত হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

শনিবাৰে সকলো জিলাৰ উপায়ুক্তৰে ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড(Covid) পৰিস্থিতি আৰু প্ৰতিষেধক(Vaccine) অভিযানৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta) । প্ৰত্যেক জিলাতে বাকী থকা সকলো লোককে ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত ফলপ্ৰসু কৌশল যুগুতাবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ

1958ত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল King of Pop মাইকেল জেকচনে ৷ মাইকেল জেকচনে পপ সংগীতক সমগ্ৰ বিশ্বতে পৰিচিত কৰাইছিল ৷ মাইকেল জেকচনক তেওঁৰ বিশেষ গীতৰ শৈলীৰ উপৰিও নৃত্যৰ বাবেও জনা যায় ৷ বৰ্তমান সময়তো বলিউডৰ লগতে হলিউডৰ বহু তাৰকাই তেওঁৰ ডাঞ্চ ষ্টাইল বিশেষকৈ Moon Walkক অনুসৰণ কৰে ৷

ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক 3

শনিবাৰে নিশা ডিগবৈত বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs) জব্দ ৷ লগতে তিনি সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰায় 5 লাখ টকাৰ মুঠ 56.45 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

শীঘ্ৰেই অখিল গগৈৰ 'ৰাইজৰ দল’ চামিল হ’ব পাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোটত ৷ মহাজোটৰ পৰা বাদ পৰিব বিপিএফ আৰু ইউডিএফ ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাৰে আলোচনাত মিলিত হ’বলৈ দিল্লীলৈ উৰা মাৰিলে অখিল গগৈয়ে ৷

চাঞ্চল্য! বৰভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ

হত্যাকাণ্ড নে আত্মহত্যা ? শুকুৰবাৰে নিশা নলবাৰীৰ বৰভাগৰ কৰিয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ ৰামচৰণ দাস নামৰ লোকজনৰ মৃতদেহ ৷ মৃত্যুৰ পূৰ্বে মানসিকভাৱে হতাশাগ্ৰস্ত আছিল ৰামচৰণ ৷ তেওঁৰ পৰিয়ালৰ লোকে সদৰী কৰিছে এই কথা ৷

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

অনা অসমীয়া ব্যৱসায়ীৰ মইমতালিৰ বিৰুদ্ধে সৰৱ হৈছে বীৰ লাচিত সেনা ৷ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ দোকান ঘৰ জোৰ-জবৰদস্তি দখল কৰা অনা অসমীয়া ব্যৱসায়ীক সকিয়নী বীৰ লাচিত সেনাৰ ৷

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

ডিমাহাচাও সংঘটিত নৃশংস ঘটনাটোৰ প্ৰতিবাদ জনাই সদৌ মটৰ শ্ৰমিকৰ যুটীয়া সংগঠনে ৩১ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰ পুৱা ৫ বজালৈকে ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে ৷

কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ: দিল্লীত গ্ৰেপ্তাৰ এজন

দক্ষিণ দিল্লীৰ এটা অঞ্চলৰ পৰা কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ কৰি অহা ড্ৰাগছ মাফিয়া বিশাল চৌধুৰীক শনিবাৰে অসম আৰক্ষীৰ এটা দলে দিল্লীত গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.