ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - top 10 at 11 am

11 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 11 am
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jun 30, 2021, 11:05 AM IST

ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা: স্বাস্থ্যমন্ত্ৰী

ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভিডিঅ' কনফাৰেন্স ৷ জিএমচিএইচত নিশা থাকিব লাগিব জ্যেষ্ঠ চিকিৎসক । ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাত উদ্বিগ্ন স্বাস্থ্যমন্ত্রী ।

মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু

মৰিগাঁৱত মঙলবাৰ দিনটোতে 18 টাকৈ শিশু কৰ'ণা (Covid-19)ত আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মুঠ 159 টি শিশু ক'ৰণাত আক্ৰান্তহৈ চিকিৎসাধীন হৈ আছে ৷

SI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

এছ আই নিযুক্তি কেলেংকাৰীৰ (SI scam) মূল অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ (Kumar Sanjeet Krishna) ছমাহ ধৰি জি এম চি এইচৰ (GMCH) পেয়িং কেবিনত। এতিয়াও কিয় সুস্থ হোৱা নাই, আদালতে জবাবদিহি কৰিলে জি এম চি এইচ কৰ্তৃপক্ষক। চি আই ডিৰ (CID) মতামত নোলোৱাকৈ অভিযুক্ত কিয় আছে পেয়িং কেবিনত।

গুৱাহাটীৰ জাৱৰ নলয় চন্দ্ৰপুৰবাসীয়ে

গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । চন্দ্ৰপুৰৰ ৰাইজে মঙলবাৰে পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে দোকান পোহাৰ ​স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰাৰ লগতে বুধবাৰে পুৱা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাই সমষ্টি (Jonai Constituency)ৰ বিস্তীৰ্ণ অঞ্চলত আগতৈয়াকৈ বান সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নেৰানেপেৰা কৈ হৈ থকা বৰষুণৰ ফলত জোনাইৰ নৈ-উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত বাহিৰ জোনাই আৰু চিলে পঞ্চায়তৰ কেবাখনো গাঁও যোবা দুদিন ধৰি জলমগ্ন হৈ পৰিছে ৷

নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

অসম নাগালেণ্ড সীমান্ত অঞ্চলত বৃদ্ধি পোৱা নগাৰ দপদপনি ৰোধ কৰিবলৈ বিশেষ ভাৱে সক্ষম হৈছে অসম আৰক্ষী ৷ ইতিমধ্যেই দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অস্থায়ী শিবিৰ পাতিছে অসম আৰক্ষীয়ে ৷

হিমন্ত চৰকাৰৰ নতুন সমীকৰণ: হাগ্ৰামা হ'ব কেবিনেট মন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত শীঘ্ৰেই কেবিনেট মন্ত্ৰী হোৱাৰ পথত হাগ্ৰামা মহিলাৰী ।‌‌ এক আজৱ ৰাজনৈতিক সমীকৰণে অসমবাসীক দিছপুৰৰ ক্ষমতাৰ ৰাজনীতিৰ নতুন সোৱাদ দিবলৈ ওলাইছে প্ৰাক্তন বিটিআৰ প্ৰধান(BTR chief) গৰাকীয়ে ৷

বৰপেটাত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা কল উৎখাত

বন বিভাগ (Forest Department)ৰ চকুত ধূলি দি বৰপেটাৰ ভিতৰুৱা চাপৰি অঞ্চলত একাংশ অসাধু লোকে অবৈধ কাঠফলা কল (Saw Mill) ৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । অৱশ্যে, বৰপেটা (Barpeta)ৰ খণ্ড বন বিষয়াৰ নেতৃত্বত এনে অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে বন বিভাগে (Forest Department) বিভিন্ন সময়ত অভিযান অব্যাহত ৰাখিছে ৷

কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা জেপি নাড্ডাৰ

ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহক সভাত দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি অংশগ্ৰহণ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ । সৰ্বানন্দ সোণোৱালে গঢ়া ভেটিক গতি দিছে হিমন্ত বিশ্ব শৰ্মাই । বিগত ৪২ দিনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰশংসনীয় কাম কৰিছে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ৷

জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

জুলাই মাহত মুছলমান সম্প্ৰদায়ৰ ১৫০ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী । ৰাজ্য চৰকাৰৰ সিদ্ধান্ত সংখ্যালঘুৰ হিত আৰু কল্যাণৰ বাবে । অৰাজনৈতিক মুছলমান সংগঠনৰ সৈতেও বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.