ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 14, 2021, 11:04 AM IST

SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ

আজি অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুৰাগীসকলৰ লগতে বলীউডৰ অন্য তাৰকাসকলেও জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে বলীউডৰ প্ৰয়াত তাৰকাগৰাকীক ব্যতিক্ৰমী ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰাঙৰ এজন যুৱকে ৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট

ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) দেওবাৰে ৬০-৫৯ টা ভোটৰ ব্যৱধানত নাফটালি বেনেটেক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পূৰ্বে বেঞ্জামিন নেতানিয়াহুৱে প্ৰায় 12 বছৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু

মিলখা সিঙৰ পত্নী নিৰ্মলা কৌৰ(Nirmal Kaur) ক’ভিড 19 ত(COVID 19)ত আক্ৰান্ত হোৱাত 26 মে’ত ম’হালিৰ ফৰ্টিচ চিকিৎসালয়ত(Fortis Hospital Mohali) ত ভৰ্তি কৰা হৈছিল ৷

নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

দেওবাৰে তিনিচুকীয়াত নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগে আৱণ্টন দিয়া ১৮ কোটি টকীয়া মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য বৰ্ধনৰ কাম ৷

নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

দেওবাৰে নিশা ৰাঙলু আৰক্ষী আৰু কঠিয়াতলীৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ ৰাঙলুৰ জাকিৰ হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা জব্দ হোৱা কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

13 জুনত এক বৈঠকত ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশ চৰকাৰে ৷ ভাৰতৰ সীমান্তৱৰ্তী জিলাসমূহত ক’ভি়ড (Covid 19)ৰ প্ৰভাৱ অব্যাহত থকাৰ বাবেই এই সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ ৷

আমগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০০০ লিটাৰ চুলাই

দেওৰজাত আমগুৰি আৰক্ষীৰ চুলাই বিৰোধী অভিযান ৷ উক্ত অভিযানত দেওৰজাৰ বসন্ত গগৈ নামৰ লোকজনৰ বাসগৃহত আৰক্ষীয়ে নষ্ট কৰিছে ৪০০০ লিটাৰ চুলাই ৷

ঘগ্ৰাপাৰ আৰক্ষীৰ জালত ভিআইপি ছাগলী চোৰ

নলবাৰী জিলাৰ পূৰ্ণদৈচপৰাত 9 জুনত বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ অহা দুই চোৰক নলবাৰী আৰু ঘগ্ৰাপাৰ আৰক্ষীয়ে এক অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছসহ সৰবৰাহকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

ভোমোৰাগুৰিৰ পৰা চাজত আলী নামৰ ড্ৰাগছ ব্যৱসায়ীক আটক বটদ্ৰৱা আৰক্ষীৰ ৷ আটকাধীন যুৱকজনৰ পৰা হেৰ’ইন, এটা ম’বাইল হেণ্ডছেটসহ এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷

ৰাইজৰ সমস্যা সমাধানৰ বাবে তৎপৰ বিজেপি চৰকাৰ: ৰূপক শৰ্মা

আৰ্তজনৰ কাষত নগাঁও সদৰ সমষ্টিৰ ৰূপক শৰ্মা ৷ দেওবাৰে বিধায়ক ৰূপক শৰ্মা (Rupak Sarma)ই গাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত, দক্ষিণপাট গাঁও পঞ্চায়ত, পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত কণ্টেইনমেণ্ট জ'নত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বুজ লয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.