ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-11-am
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jun 8, 2021, 11:08 AM IST

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

20 জুনলৈ লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত অন্ধপ্ৰদেশ চৰকাৰৰ

অন্ধ্ৰপ্ৰদেশ চৰকাৰে লক ডাউনত শিথিলতা অনাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰে পূৰ্বে বলৱৎ কৰা সান্ধ্য আইন দিনৰ 12 বজাৰ পৰা পুৱা 6 বজালৈ বলৱৎ আছিল ৷

চৰকাৰৰ ভেকচিন নীতিক সমালোচনা কংগ্ৰেছৰ
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষেধক নীতিক লৈ তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছৰ ৷ দলটোৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগিলে অভিযোগ উত্থাপন কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণ সক্ৰিয় হৈ থাকে যেতিয়া ঘৰে ঘৰে ভোট বিচৰাৰ সময় হয় ৷ কিন্তু যেতিয়া ঘৰে ঘৰে ভেকছিন দিয়াৰ সময় হয় তেতিয়া সম্পূৰ্ণ নিদ্ৰামগ্ন হৈ থাকে ।

পুণে অগ্নিকাণ্ড: মৃতকৰ সংখ্যা 17 লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ পুণেৰ পিৰংগুটত কেমিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এই পৰ্যন্ত 17 জন লোকৰ মৃত্যু ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷

আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্তৰ আহ্বান প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ৷ ছ’চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন মাধ্যমত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন সাংসদ ডেকাই ৷

ডিমা হাছাওত উগ্ৰপন্থীৰ দুই লিংকমেন আটক

সোমবাৰে ডিমা হাছাওৰ ডিটেকচৰাৰ পৰা মাৰ পিপ’লচ কনভেনশ্যন উগ্ৰপন্থী সংগঠনৰ দুই লিংকমেনক আটক আৰক্ষীৰ ৷ লিংকমেন দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

পৰকীয়া প্ৰেমৰ বাবেই নিজ সন্তানক হত্যা এগৰাকী মাতৃৰ

কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃয়ে হত্যা কৰিব পাৰে নিজৰ সন্তানক ? শিৱসাগৰত পৰকীয়া প্ৰেমৰ বাবেই মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে 5 বছৰীয়া কন্যা সন্তানক ৷ ইতিমধ্যে মাতৃ আৰু প্ৰেমিকক আটক কৰিছে আৰক্ষীয়ে ৷

ধুবুৰীত জালনোটসহ দুজনক গ্ৰেপ্তাৰ

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰৰ সমান্তৰালকৈ চলিছে ভাৰতীয় জালনোটৰ সৰবৰাহ । ধুবুৰীত আৰক্ষী তথা বিএছএফৰ অভিযানত দুই লাখ টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ।

খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ

খহনীয়াই মাজুলীবাসীৰ ঘৰ-মাটিলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ তত্বাৱধানত থকা টি কে কোম্পানীয়ে বিগত বছৰসমূহত খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাত চিন্তিত হৈ পৰিছে মাজুলীবাসী ৷

বিবদমান অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন গোলাঘাটৰ উপায়ুক্তৰ

বিগত বহু বছৰ ধৰি বিবদমান অৱস্থাত আছে অসম-নাগালেণ্ড সীমান্তৰ বিষয় ৷ সময়ে সময়ে এই বিবাদে দুই ৰাজ্যৰ লোকৰ মাজত সংঘৰ্ষৰ ৰূপ দিছে ৷ শেহতীয়াকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰতো বিবাদমান সীমান্তত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত সোমবাৰে সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.