কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ
কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্প(Karbi Langpi Hydro Electric Project)ত কৰ্মৰত এজন জোৱান বিগত দুদিন ধৰি অস্ত্ৰসহ নিৰুদ্দেশ হৈ আছে ৷ নিখোজ জোৱানজন ১৬ আই আৰ বি এন(IRBN)ৰ ঋতু বৰা বুলি জানিব পৰা গৈছে ৷
উন্নয়নৰ নমুনা: চাৰিডাল লোহাৰ চিৰিৰে সংযোগ ১০ খন গাঁৱক
বছাপথাৰ আমগুৰি সংযোগী এটা পথৰ ওপৰত থকা চাৰিডাল লোহাৰ চিৰিৰে প্ৰায় দহখন গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি গন্তব্যস্থল অভিমুখে যাত্ৰা কৰি থকাৰ ফলত বিপদৰ সমুখীন হৈছে বহুবাৰ ৷
ডুমডুমা বন সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন
শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যতে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল’লে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে ডুমডুমাতো ডুমডুমা বন সংমণ্ডলৰ ডিএফঅ' গৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয় ৷
হাফলং প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন
শনিবাৰে হাফলং প্ৰেছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় । হাফলঙৰ পৰা 15 কিল’মিটাৰ নিলগত অৱস্থিত চনটিলা জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰেছ ক্লাবৰ সদস্যসকলে গছৰ পুলি বিতৰণ কৰে ৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস
শনিবাৰে কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ অধীনষ্ঠ বন বিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day) ৷ পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰ চৌহদত ৰোপণ কৰা হয় বিভিন্ন প্ৰকাৰৰ গছপুলি ৷
বিলাসীপাৰাত বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু
বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱত বজ্ৰ পৰি মৃত্যু হয় নৱম শ্ৰেণীৰ দুজন ছাত্ৰৰ ৷ মৃত ছাত্ৰদ্বয় ক্ৰমে ছামিউল ইছলাম মণ্ডল আৰু লোকমান আলী মণ্ডল ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ’ণা ভাইৰাছ(corona virus)ৰ শেহতীয়া তথ্য়
ক’ভিডৰ দ্বিতীয় ঢৌ প্ৰশমিত হোৱাৰ দিশে ধাৱমান ৷ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, কিছু নিয়ন্ত্ৰণলৈ আহিছে ক’ভিড 19 ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৷ কিন্তু হ্ৰাস পোৱা নাই ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ উল্লেখ্য যে, নলবাৰী-বৰপেটাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশে গতি কৰিছে ৷
দক্ষিণ ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সদৰ এছডিপিঅ’ (SDPO) আৰু আমতলী এছডিপিঅ’ (SDPO)ৰ নেতৃত্বত দুটা দল গঠন কৰা হয় ৷ দুয়ো দলে পৃথকে পৃথকে সমীৰ বণিক নামৰ এজন ব্যক্তিৰ দোকান আৰু বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷
সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন
শনিবাৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা । তাৰ লগতে শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰা তিনিচুকীয়া গুইজানস্থিত বাইপাছত উপস্থিত হৈ বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী আৰু ৰাজ্য চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ।
বাঁহৰ বিয়েৰ (BAMBOO BEER) প্ৰস্তুত কৰিবলৈ সাজু ত্ৰিপুৰাৰ সমীৰ জামাতিয়া
ত্ৰিপুৰাৰ বাঁহ প্ৰযুক্তি বিশেষজ্ঞ সমীৰ জামাতিয়াই বাঁহ ব্যৱহাৰ কৰি নিজস্বভাৱে সুৰাযুক্ত পানীয় প্ৰস্তুত কৰিছে ৷ তেওঁ নিজৰ এই নতুন সৃষ্টিক "বাঁহৰ বিয়েৰ" বুলি নামাকৰণ কৰিছে । জামাতিয়াই শেহতীয়াভাৱে তেওঁৰ বাঁহৰ পাতৰ চাহৰ দ্বাৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷