তিনিদিন ধৰি বিদ্যুতে জ্বলা-কলা খুৱাইছে হেলেমবাসীক
বিশ্বনাথৰ হেলেমত শক্তি বিভাগে ভেকো-ভাওনা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । হেলেমবাসীৰ অভিযোগ অনুসৰি, নিশা হ’লেই অঞ্চলটোত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয় । বিগত তিনিদিন ধৰি বিদুৎ সৰবৰাহ বন্ধ হৈ আছে অঞ্চলটোত । অসম-অৰুণাচল সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ গমিৰিলৈকে 123 টা ট্ৰান্সফৰ্মাৰৰ কোনো এটা বিকল হ’লেই আন ট্ৰেন্সফৰ্মাৰসমূহতো নাথাকে বিদ্যুৎ ৷ ইয়াৰোপৰি, বিদ্যুতৰ মাহিলী মাছুল যিমান হ’ব লাগে তাৰ বিপৰীতে চাৰিগুণ পৰ্যন্ত বৃদ্ধি হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ।
চৰাইদেউত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ সাংবাদিক সকলৰ সৈতে মুখামুখিৰ সময়ত তেওঁ সভাত পৰ্যালোচনা হোৱা ক’ভিড নিয়ন্ত্ৰণৰ দিশ সমূহ উল্লেখ কৰে ৷
সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন
নগাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা মৰিয়নীৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ বৃহস্পতিবাৰে নগা আগ্ৰাসনকাৰীয়ে গুলীচালনা কৰিছিল বিধায়ক গৰাকীলৈ ৷ চৰকাৰক সমগ্ৰ বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীৰে অনশনত বহিছিল ৰূপজ্যোতি কুৰ্মী ৷ প্ৰশাসনৰ অনুৰোধ মৰ্মে সাময়িকভাৱে স্থগিত ৰাখে অনশন ৷
গোলাঘাটত আৰ্তজনক এমুঠি অন্ন যোগান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ
অৰ্ধ লকডাউনৰ ফলত এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে পথৰ দাঁতিত আশ্ৰয় লোৱা লোকসকলে । এইসকল লোকৰ মুখত এমুঠি আহাৰ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গোলাঘাট জিলা শাখাই ৷
নাওবৈচাত প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল কৃষক
দেশ তথা ৰাজ্যত ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতো নাওবৈচাত কৃষকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উল্লেখ্য যে, এচাম মধ্যভোগীৰ নেতৃত্বত 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ ধন প্ৰকৃত কৃষকৰ একাউন্টৰ পৰিৱৰ্তে মধ্যভোগীয়ে সৃষ্টি কৰা তালিকাৰ ভুৱা কৃষকৰ একাউন্টলৈ যোৱাৰ অভিযোগত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷
নাহৰকটীয়াৰ চাহ বাগিছাত কৰ'ণাৰ ব্যাপক গণ সংক্ৰমণ
নাহৰকটীয়া চাহ বাগিছাৰ অন্তৰ্গত ১৪ খন চাহ বাগিছাৰ ডেৰ শতাধিক পৰিয়াল আক্ৰান্ত হৈছে ক'ভিডত ৷ চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাই অফলাইনৰ জৰিয়তে ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷
ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ
তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ বিয়োগ ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷
স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা
ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষা আৰু শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আলোচনাত মিলিত ছেবা আৰু আছুৰ নেতৃত্ব ৷ বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ গুলীয়াগুলি
পিষ্টলেৰে আৰক্ষীক ভয় দেখুৱাই পলায়নৰ চেষ্টা কৰা ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া মনচুৰ আলী । মনচুৰৰ পৰা উদ্ধাৰ নাইন এম এম পিস্তল, সজীৱ গুলী আৰু ড্ৰাগছ ।
বড়োধানৰ খেতিৰে স্বাৱলম্বী ৰঙিয়াৰ এহেজাৰ কৃষক
ৰঙিয়াৰ চেপ্তী নকুলত এহেজাৰ কৃষকে আনিছে আশাৰ বতৰা ৷ হতাশাগ্ৰস্ত কৃষকৰ মুখলৈ হাঁহি ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰায় পোন্ধৰ শ বিঘা মাটিত এহেজাৰ খেতিয়কে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ ৷