ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 26, 2021, 11:02 AM IST

ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে

বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু ৷ কৰ’ণাত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল বিপিএফৰ বিধায়ক গৰাকী ৷

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷

ওড়িশাত ঘণ্টাত 12 কিল’মিটাৰ বেগেৰ আহি আছে য়াছ

ওড়িশাৰ ধামৰাৰ পৰা 60 কিল’মিটাৰ দূৰত্বত সাগৰপৃষ্ঠত অৱস্থান ঘূৰ্ণী বতাহ য়াছৰ ৷ সম্প্ৰতি ঘূৰ্ণী বতাহৰ চলাচল প্ৰতি ঘণ্টাত প্ৰায় 12 কিল’মিটাৰ বেগত গতি কৰিছে ৰাজ্যখনত ৷ এই ঘূৰ্ণীৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ আশংকা কৰা হৈছে ৷ বুধবাৰে পুৱা প্ৰায় 10-11 বজাত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় 130 কিল’মিটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড

বিশাখাপট্টনমৰ এইচপিচিএল শোধনাগাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ পূৰ্বে বিশাখাপট্টনমত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডসমূহৰ ভিতৰত এয়া অন্যতম বুলি বিবেচিত হৈছে ৷

উত্তৰ-পূৱতো পৰিব ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱ

তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱ 26 আৰু 27 মে’ত উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে যাছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবলগীয়া অঞ্চলসমূহত লবলগীয়া সতৰ্কতামূলক নিৰ্দেশাৱলী জাৰি কৰি সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নাপাই চুৰি কাৰ্যত নামিল যুৱক

ৰঙিয়াত ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই চুৰিকাণ্ড সংঘটিত কৰা যুৱকক লপা-থপা ৰাইজৰ ৷ এখন দোকানৰ পৰা প্ৰায় 25 টাকৈ ম’বাইল ফোন চুৰি কৰিছিল এইজন ড্ৰাগছ আসক্ত যুৱকে ৷

ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন

সান্ধ্য আইনৰ সময়সীমা দহ দিনলৈ অৰ্থাৎ ৫ জুনলৈ বৃদ্ধি কৰা হৈছে। সেইদৰে গ্ৰামাঞ্চলত সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য থকা পূৰ্বৰ সান্ধ্য আইন দিনৰ ২ বজালৈ আগুৱাই দিয়া হৈছে । ২৪ ঘণ্টাত ৰাজ্যখনৰ ১,২০,৬৬৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬,২২১ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আক্ৰান্তৰ হাৰ ৫.১৬ শতাংশ । আনহাতে মৃত্যু হয় ৮৪ গৰাকী ৰোগীৰ ।

ধেমালি খেদি ফুৰা বয়সত মাছ ধৰি পৰিয়াল পোহ-পাল দিছে আনাৰ হুছেইনে

আংশিক লকডাউনে জটিল সমস্যাৰ সৃষ্টি কৰিলে এগৰাকী কিশোৰ তথা তেওঁৰ পৰিয়ালৰ জীৱনত ৷ দুবেলা দুমুঠি খাবলৈ সমস্যাৰ সন্মুখীন হৈ মাছ বেপাৰীক মাছ ধৰি দি পৰিয়ালৰ দায়িত্ব লৈছে কিশোৰ গৰাকীয়ে ৷

মিজোৰামত এই পৰ্যন্ত কিমান লোকে গ্ৰহণ কৰিছে ক’ভিডৰ প্ৰতিষেধক ?

মিজোৰামত এই পৰ্যন্ত মুঠ 300474 টা ক’ভিড-19ৰ প্ৰতিষেধক (কভিশ্বিল্ড)ৰ পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত 248448 গৰাকী লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ আনহাতে 52026 গৰাকী লোকে প্ৰথম আৰু দ্বিতীয় দুয়োটা পালি গ্ৰহণ কৰিছে ।

নতুন ক’ভিড নীতিয়ে জুৰুলা কৰিছে ৰাজ্যৰ শ্ৰমিক সকলক

চৰকাৰৰ নতুন ক’ভিড নীতিয়ে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে ৰাজ্যৰ শ্ৰমিকসকলৰ জীৱনত ৷ এনে সময়তে শ্ৰমিক সকলক আৰ্থিক সাহায্য দি সকাহ দিবলৈ চৰকাৰলৈ আহ্বান জনালে ধেমাজি জিলা লোডিং আনলোডিং লেবাৰ ইউনিয়নে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.