ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : May 1, 2021, 11:02 AM IST

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত হঠাৎ হাহাকাৰ । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাত হুৱাদুৱা লাগে ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ মাজত ।

ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ

চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছনৰ সংবাদ মেল ৷ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ ৷ এখন শুদ্ধ আৰু প্ৰকৃত মেপ প্ৰস্তুতৰ দাবী সংগঠনটোৰ ৷

ডুমডুমাৰ দিচাম দেৱঁ সত্ৰত সেৱা ল’লে ড° হিমন্ত বিশ্ব শৰ্মাই

ডুমডুমাৰ দহোঁটীয়াস্থিত দিচাম দেৱঁ সত্ৰত উপস্থিত ড° হিমন্ত বিশ্ব শৰ্মা । নৱ-নিৰ্মিত সত্ৰখনৰ নিৰ্মাণকাৰ্যৰ বুজ লয় ড° হিমন্ত বিশ্ব শৰ্মাই ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ক'ভিড পৰীক্ষা সম্পন্ন

ক'ভিড পৰীক্ষা কৰি ভোট গণনাৰ বাবে সাজু হৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বিধায়কগৰাকীৰ ব্যক্তিগত সচিব প্ৰণৱ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক । প্ৰণৱ গগৈৰ আৰোগ্য কামনাৰে বিধায়কৰ কাৰ্যালয়ত প্ৰাৰ্থনা জনালে বিধায়ক আৰু দলীয় কৰ্মীয়ে ।

হোজাই জিলাত ১৪৪ ধাৰা জাৰি

ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ আৰু ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰা হৈছে হোজাইত । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মর্মে হোজাইৰ জিলা দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰে । ২ মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশ ।

মৰাণৰ ঝলঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড

মৰাণৰ ঝলঙত নিশা সংঘটিত অগ্নিকাণ্ডত জাহ গ'ল বহু আঁচবাব আৰু সম্পদ ৷ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঝলঙৰ যাদৱ ডেকাৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন ৷

বগৰীবাৰীত জব্দ গৰু ভৰ্তি কন্টেইনাৰ

বগৰীবাৰীত জব্দ গৰু ভৰ্তি এখন কন্টেইনাৰ (ট্ৰাক) ৷ পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত অভিনৱ পন্থাৰে অনা উন্নত জাতৰ ১০ টাকৈ গৰুৰ লগতে আটক ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন মহম্মদ কামাল, মহম্মদ হাছমিন ।

টেঙাগাঁও ককৰাটলি পথাৰৰ ৫ টা শগুনৰ মৃতদেহ উদ্ধাৰ

টেঙাগাঁও ককৰাটলি পথাৰৰ মাজত ৫টা বিলুপ্ত প্ৰায় শগুনৰ মৃত দেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত গৰু ভক্ষণ কৰাৰ বাবে শগুণকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

টিটিএএডিচিৰ উন্নয়ন: মুখ্যমন্ত্ৰীৰ সৈতে টিপ্ৰা ম'থাৰ আলোচনা

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সৈতে আলোচনাত মিলিত টিপ্ৰা ম'থাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ লগতে টিটিএএডিচি ৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য আৰু নতুন পৰিষদৰ কাৰ্যবাহী সদস্য সকল ৷ ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিল অঞ্চল সমূহৰ উন্নয়নমূলক দিশসমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই আলোচনা ৷

ডিব্ৰুগড়ত জ্যেষ্ঠ সাংবাদিক আৰু লেখকক সম্বৰ্দ্ধনা জ্ঞাপন আপকুৰ

চিকিৎসক তথা বিশিষ্ট লেখক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাক সম্বৰ্ধনা জ্ঞাপন ট্ৰেড ইউনিয়ন আৰু প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নৰ । জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰকো ট্ৰেড ইউনিয়ন আৰু প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নে সম্বৰ্ধনা জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.