ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Apr 27, 2021, 11:03 AM IST

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...

ডিমা হাছাওৰ কৰ’ণা সংক্ৰমণক লৈ সষ্টম প্ৰশাসন

সোমবাৰে ডিমা হাছাওত 13 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত ৷ এতিয়ালৈকে জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 73 গৰাকীলৈ ৷ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী বৈঠকত মিলিত হৈ সকলোকে চৰকাৰী নিৰ্দেশনা তথা স্বাস্থ্য বিধি মানি চলাৰ আহ্বান উপায়ুক্ত পল বৰুৱাৰ ৷

ডিব্ৰুগড়ৰ বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 6টাকৈ বাসগৃহ

ডিব্ৰুগড়ৰ চানমাৰি ঘাটত সোমবাৰে নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড । জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে ছটাকৈ বাসগৃহৰ লগতে এখন দোকান ৷ মমবাতিৰ পৰা সূত্ৰপাত হোৱা জুয়ে মুহুৰ্ততে নিঃশেষ কৰে বাসগৃহৰ লগতে সা-সামগ্ৰীসহ বিপণীখন ৷ ৰাজু সিং নামৰ যুৱকজনৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডত বিনষ্ট হয় লক্ষাধিক মূল্যৰ সামগ্ৰী ৷ ডিব্ৰুগড়ৰ অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাখনো বাহনৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হোৱাত বৃহত্তৰ জনবসতিপূৰ্ণ অঞ্চলটো জুইৰ কবলৰ পৰা ৰক্ষা পৰে ৷

চুমিলা ৰংহাংপীৰ হত্যা: হোজাইত উত্তাল প্ৰতিবাদ

সোমবাৰে হোজাই জিলাৰ বৰবহাত জিলা কাৰ্বি ছাত্ৰ সন্থা আৰু কেইবা শতাধিক কাৰ্বি জনগোষ্ঠীয় লোকৰ প্ৰতিবাদ ৷ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচী প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

বিলাসীপাৰাত 36 গৰাকীলৈ বৃদ্ধি ক’ভিড ৰোগী

বিলাসীপাৰাত সোমবাৰে স্বাস্থ্য কৰ্মীসহ 11 গৰাকী লোক কৰ’ণাত আক্ৰান্ত ৷ সম্প্ৰতি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 36 গৰাকীলৈ ৷

পত্নীক হত্যা কৰি নদীত জপিয়াই পলায়নৰ চেষ্টা স্বামীৰ

ত্ৰিপুৰাত সোমবাৰে সংঘটিত কাজিয়াৰ পৰিণতিত পত্নীক হত্যা কৰি আৰক্ষীৰ পৰা পলাই সাৰিবলৈ গোমতী নদীত জপিয়াই স্বামীয়ে ৷ অৱশ্যে কেইবাঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত আৰক্ষীয়ে আটক কৰে অভিযুক্তক ৷

নলবাৰীত প্ৰথম গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু

নিজ বাসগৃহত আইছ’লেচনত থকা অৱস্থাতে নলবাৰীত মৃত্যু ঘটে কৰ'ণা ৰোগীৰ ৷ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত লৰমা বটাকুছি গাঁৱৰ মজিবৰ ৰহমান নামৰ লোকজনৰ দেহত তিনিদিন পূৰ্বে কৰ'ণাৰ উপস্থিতি ধৰা পৰিছিল ৷ মঙলবাৰে দুপৰীয়া ৰহমানৰ মৃত্যু হয় ৷

পাঠশালাত ৰাষ্ট্ৰীয় ঘাইপথে জীয়াতু ভোগাইছে ৰাইজক

পথ, দলং মেৰামতিৰ বাবে প্ৰায় এমাহ ধৰি বন্ধ হৈ আছে পাঠশালাৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ এলেকা । যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ চূড়ান্ত গাফিলতি আৰু পথ নিৰ্মাণকাৰী সংন্থাৰ অকৰ্মণ্যতাৰ ফলত পাঠশালাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ পাঠশালাৰ সমীপৰ টুৰকুনি জানৰ ওপৰত অৱস্থিত পকী দলংখনৰ এপ্ৰ’চ অংশত ফাঁট মেলাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাই পথটোৰ একাংশ প্ৰায় এমাহ ধৰি বন্ধ কৰি দি ওৱান ৱে কৰি দিয়ে ৷ কিন্তু বৰ্তমানলৈকে পথ নিৰ্মাণেই হওঁক বা দলং খন মেৰামতি কৰাৰ ক্ষেত্ৰত চূড়ান্ত গাফিলতি প্ৰদৰ্শন কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত ডিভাইডাৰ অংশত সঘনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা ।

লংকাত মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

লংকাৰ 10 নং ৱাৰ্ডত এগৰাকী মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি গাঁৱবাসীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷

জাগীৰোডৰ কাগজ কলত চোৰৰ তাণ্ডৱ

চোৰৰ তাণ্ডৱ চলিছে জাগীৰোডৰ কাগজ কলত । অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে জাগীৰোডৰ শিলভঙা অঞ্চল ।

কাৰ্বি আংলঙত বৃদ্ধৰ কামনাৰ বলি কিশোৰী

কাৰ্বি আংলং জিলাৰ পাৰখোৱাত এগৰাকী বৃদ্ধৰ কামনাৰ বলি হয় বাৰ বছৰীয়া এগৰাকী কিশোৰী ৷ অভিযুক্ত লোকজন হাওৰাঘাট অককেৰেং এৰাদীঘলপানী গাঁৱৰ মতিলাল ক্ৰ' ৷ ভুক্তভোগীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডকমকা থানাত পক্স’ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.