মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ
নিৰ্বাচনাসন্ন বংগত এখন নতুন খেলৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্দিষ্ট নিয়মাৱলী নাইবা এটা বিশেষ ধৰ্মৰ লেখীয়াকৈ, যোৱা দহটা বছৰ ধৰি তৃণমূল কংগ্ৰেছৰ ছুপ্ৰিম’ মমতা বেনাৰ্জীৰ প’ষ্টাৰ আৰু বিজ্ঞাপনবোৰত এক সাধাৰণ বৈশিষ্ট দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত মমতা বেনাৰ্জীয়ে হিন্দু সকলৰ পৱিত্ৰ পুথি সমূহৰ পৰা উদ্ধৃতি দি মন্ত্ৰ আৰু শ্লোক উচ্চাৰণ কৰিছে ! তাকো, এনে এক নিৰ্বাচনত য’ত স্বয়ং প্ৰাৰ্থী গৰাকীয়েই হৈছে তেওঁ নিজেই ? ই এটা এনে বিষয় যিটো জনগণে কস্মিনকালেহে মনত ৰাখিব পাৰিব ?
চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে
হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নেতা গৰাকীয়ে প্ৰায় দুহাজাৰৰো অধিক লোকৰ উপস্থিতিত মনোনয়ন দাখিল কৰি কয়, এই সকল ৰাইজে উন্নয়নৰ আশাত ওলাই আহিছে ৷ কাৰণ বিগত সময়চোৱাত চিদলীবাসীয়ে কোনো উন্নয়ণ নেদেখিলে ৷
কাৰ্বি আংলঙৰ এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি
কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে । বৃহস্পতিবাৰে বিয়লি দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেল আয়োজন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰখন ৷
ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা
ডিফুৰ ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা ৷ দংকাচিণ্ঠু খেলপথাৰত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙৰ সমৰ্থনত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা ৷ এই সভাতে কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ ২৯২ টা পৰিয়ালৰ বিজেপিত যোগদান ৷
মৰিগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ লগতে মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ সৈতে এখন সভাত মিলিত হয় ৷ জিলাখনৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সকলে বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী বিধিৰ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়াৰ লগতে প্ৰতিটো নিয়ম মানি চলাৰ বাবে আহ্বান জনায় ৷
গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী
সমাগত দৌল মহোৎসৱ ৷ বৰপেটা প্ৰেছ ক্লাৱত ৩টা হোলী গীতৰ ভিডিঅ' উন্মোচন ৷
ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল
ডিব্ৰুগড়ত চুতীয়া যুৱ সন্মিলনৰ সংবাদ মেল ৷ বিজেপি দলে চুতীয়া জনগোষ্ঠীক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷
ভৱানীপুৰত কমল কুমাৰ মেধীৰ মনোনয়ন দাখিল
বৃহস্পতিবাৰে শ শ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধীয়ে ৷ ভৱানীপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মেধী ৷
ম্যানমাৰত প্ৰতিবাদত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি মিজো জিৰলাই পওলৰ
ম্যানমাৰত সেনাৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মিজোৰামৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পওলৰ লগতে ইউনাইটেড ফৰ ডেম’ক্ৰেটিক ম্যানমাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে ৷ বৃহস্পতিবাৰে আইজলৰ চিটি চেন্টাৰত মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰতিবাদত নিহত লোকসকলক ৷
ড্ৰাগছ সৰৱৰাহকাৰীয়ে লাভ কৰিছে ৰাজনৈতিক সমৰ্থন :ত্ৰিপুৰা যুৱ কংগ্ৰেছ
বৃহস্পতিবাৰে ত্ৰিপুৰাৰ কংগ্ৰেছ ভৱনত সাংবাদিকৰে হোৱা মত বিনিময়ত যুৱ কংগ্ৰেৰ নেতা প্ৰসেনজিৎ দাসে কয়, ‘2018ৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ড্ৰাগছ মুক্ত ত্ৰিপুৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু বাস্তৱত আমি ইয়াৰ সম্পূৰ্ণ বিপৰীত এখন ছবি দেখিবলৈ পাইছো ৷ বিগত কিছু দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত 21 গৰাকীৰো অধিক ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰা হৈছে ৷ কিন্তু আশ্বৰ্যজনকভাৱে ইয়াৰ আঁৰৰ মূল ব্যক্তিসকল এতিয়াও মুকলি আকাশৰ তলত ফুৰি আছে ৷’