ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 26, 2021, 11:05 AM IST

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

অত্যাধিক মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ পিছতো একমাত্র বণিয়া গোষ্ঠীৰ স্বাৰ্থত চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে। চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

ধুবুৰীত বোমা সহ এজনক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে নিশা ধুবুৰীত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে অভিযানৰ সময়ত দুটাকৈ হস্ত নিৰ্মিত বোমা সহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

পুৰুষ মহিলা সহ প্ৰায় দুই শতাধিক লোকে বনাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা মূল্যবান গছ-গছনি কাটি ধ্বংস কৰে । ইপিনে সমগ্ৰ ঘটনা সৰ্ন্দভত বন বিভাগ আৰু মহকুমা আৰক্ষীৰ যৌথ অভিযানত অধিকাংশ বেদখলকাৰীক আটক কৰি বিভাগটোৱে তিনিচুকীয়া স্থিত অস্থায়ী শিবিৰলৈ উভতাই পঠিওৱাৰ বিপৰীতে একাংশ লোকক ন্যায়িক জিমালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।

গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গোলাঘাটত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ গামোচাত NO CAA লিখি কোনো কাৰণতে 'কা' আইন মানি নোলোৱাৰ হুংকাৰ দিলে গোলাঘাট জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৷ গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত কংগ্ৰেছৰ নেতা কৰ্মী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায়: শিলাদিত্য দেৱ

বৃহস্পতিবাৰে হোজাইৰ কৃষ্ণনগৰত কেইবাখনো সভাত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে আগন্তুক নিৰ্বাচনৰ ৰনদংকা বজায় ৷ এক বিশাল বাইক ৰেলীৰে লংকা লালুংডুবী অঞ্চলৰ পৰা কৃষ্ণনগৰ অঞ্চলত উপস্থিত হোৱাৰ পিছতে এক জনসভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷

জোনাইত গোৰ্খাৰ গৰ্জন: বিজেপিক বৰ্জনৰ হুংকাৰ

জোনাইত গোৰ্খা গৰ্জন ৷ অসমৰ গোৰ্খা সকলৰ নানা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ গোৰ্খা সকলৰ ৷ গোৰ্খাসকলৰ সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে নিৰ্বাচনত অসমৰ 25 লাখ গোৰ্খাই প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি হুংকাৰ গোর্খা ছাত্র সন্থাৰ ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

মিজোৰামত বন্ধ হ'ব ম্যানমাৰৰ তামোলৰ আমদানি

মিজোৰামত অতি শীঘ্ৰে ম্যানমাৰৰ তামোলৰ আমদানি বন্ধ হ'ব ৷ এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্যখনৰ কৰ মন্ত্ৰীয়ে ৷ বেলেগ দেশৰ পৰা ভাৰতলৈ তামোলৰ আমদানি অবৈধ বুলি আখ্যা দি কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে কৰ মন্ত্ৰী লালচাম্লিয়ানাই ৷ অষ্টম মিজোৰাম বিধানসভাৰ সপ্তম অধিৱেশনৰ তৃতীয় দিনটোত মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷

শিৱসাগৰত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

বৰ অসমৰ ভেঁটি নিৰ্মাণ কৰা প্রবল প্ৰতাপী আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত শিৱসাগৰত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন ৷ শিৱসাগৰ ছ্যুকাফা ন্যাস সমিতিৰ উদ্যোগত শিৱসাগৰৰ দৰিকা দলঙৰ সমীপত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ৰাজ্যিক লোক নিৰ্মাণ মন্ত্ৰী যোগেন মহনে এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৷

ন্যায্য প্ৰাপ্তিৰ দাবীত উত্তাল ডুমডুমা

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰা, কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত বৃহস্পতিবাৰে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত টাইপাৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.