ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 25, 2021, 11:01 AM IST

বটদ্ৰৱাত আবতৰীয়া দীপাৱলী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ প্ৰাক মুহুৰ্তত হেজাৰ হেজাৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিল গুৰুজনাৰ পবিত্ৰ ভূমি বটদ্ৰৱা । বৃহস্পতিবাৰে বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহৰ আগমনৰ প্ৰাক মুহুৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ লগতে সত্ৰবাসীয়ে মিলি হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শেষ নিশা অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহ ৷ যাৰ বাবে বৰ্তমান ব্যস্ততাৰ অন্ত নাই বটদ্ৰৱাবাসীৰ মাজত ৷

প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা

বুধবাৰে অমিত শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে লাগে অথন্তৰ । অভিযোগ অনুসৰি, ৰহাৰ টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় বাহনসমূহৰ চালকসকলে ৷

তলাতল ঘৰত ক’লা দিৱস পালন

বুধবাৰে তলাতল ঘৰত পালন কৰা হয় ক’লা দিৱস ৷ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিচ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিত খিলঞ্জীয়াই স্বাধীনতা হেৰুওৱাৰ অভিযোগ উত্থাপন কৰিছে আহোম সেনাই ৷ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

হাইলাকান্দিত ৰে’লপথ অৱৰোধ

গ্ৰামীণ পথৰ ৰে’ল ক্ৰচিং পুনৰ আৰম্ভ কৰাৰ দাবীৰে হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ সংগঠনটোৰ কাৰ্যকৰ্তাৰ নেতৃত্বত ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ ৷ ৰে’ল বিভাগে ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ সংযোগী পথচোৱা বন্ধ কৰি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ শীঘ্ৰে ৰে’ল ক্ৰচিং আৰম্ভ কৰি পথটোৰে যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ দাবী ৷

গঠন হ’ল ABNSEA ৰ নতুন সমিতি

বুধবাৰে কোকৰাঝাৰ চহৰস্থিত পি ডব্লিউ ডি গেষ্ট হাউছত অনুষ্ঠিত এক সভাত ALL BTC NON SELECTED EMPLOYEES ASSOCIATION ৰ নতুন সমিতিখন গঠন কৰা হয় ৷ পুষ্প বৰগয়াৰীক সভাপতি আৰু মনোজ কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ABNSEA ৰ নতুন সমিতিখন গঠন কৰা হয় ৷

গুজৰাটৰ মুছলমানে বিজেপিক ভোট দিয়ে, অসমৰ মুছলমানেও দিব:ৰণজিৎ কুমাৰ দাস

সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ সৰভোগ সমষ্টিৰ নিচুকাত আধাৰশিলা স্থাপন কৰি সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে কয় কংগ্ৰেছ শাসনত থাকিলে মুছলমান লোকক হত্যা কৰা হয়, ঘৰ-বাৰী পুৰি দিয়া হয় ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত মুছলমান লোকক হত্যা কৰাটো দূৰৰে কথা গাৰ নোম এডালো লৰাব পৰা নাই ৷ গুজৰাটৰ মুছলমানে বিজেপিক ভোট দিয়ে ৷ এতিয়াৰে পৰা অসমৰ মুছলমানেও বিজেপিক ভোট দিয়া আৰম্ভ কৰিব ৷

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে

কংগ্ৰেছ-এআইডিইউএফ মানেই সংখ্যালঘু নহয়: ৰঞ্জিত দাস

কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ দিনত সংখ্যালঘুসকল শান্তিত আছে বুলিও দাবী কৰে দাসে ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত উপস্থিত থাকি এই মন্তব্য দাসৰ ৷

অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ৰাজ্যত নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ চলি থকা সময়তে অসমক পুনৰ 6 মাহৰ বাবে ঘোষণা 'অশান্ত অঞ্চল' ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)১৯৫৮ ৰ অধিন ঘোষণা কৰা হৈছে 'অশান্ত অঞ্চল' ৷

কঠীয়াতলীত ৬ টাকৈ আধাৰশিলা স্থাপন তিৱা স্বায়ত্ব পৰিষদৰ

সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কি শাসকীয় দল, কি বিৰোধী সকলোৱে যেন ব্যস্ত হৈ পৰিছে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাত ৷ সমগ্ৰ ৰাজ্যতে যেন বিভিন্ন কৰ্মৰে ভোটৰ ৰাইজক আকৰ্ষণ কৰাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৷ দৈনিক বিভিন্ন আঁচনিৰ উদ্বোধনেৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে শাসকীয় দল বিজেপিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.