ETV Bharat / state

11 বজাৰ 10টা শীৰ্ষ সংবাদ - 11 বজাৰ 10টা শীৰ্ষ সংবাদ

11 বজাৰ 10টা শীৰ্ষ সংবাদ

top 10 at 11 am
11 বজাৰ 10টা শীৰ্ষ সংবাদ
author img

By

Published : Dec 11, 2020, 10:59 AM IST

CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ

CAA ক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ ৷ পুনৰ আন্দোলনৰ হুংকাৰ শিল্পী গৰাকীৰ ৷ অসমত অৰ্থনৈতিক বিপ্লৱ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শিল্পী গৰাকীয়ে ৷ কা আৰু অসমত অৰ্থনৈতিক বিপ্লৱ অনাক লৈ শিল্পী গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

মহানগৰীত আষ্টিনৰ উন্নত মানৰ ব্লকছ মুকলি

গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আষ্টিন নামৰ কোম্পানীটোৰ এএচি ব্লকছ ইটাৰ ৷ অনুষ্ঠানত উপস্থিত থাকে আষ্টিনৰ ব্ৰেণ্ড এম্বেছাদৰ তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ।

শুকুৰবাৰে চিকিৎসক সকলক কৰ্মবিৰতি পালনৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ

আয়ুৰ্বেদ চিকিৎসাৰ সৈতে আধুনিক শল্য চিকিৎসাক একত্ৰীকৰণ ৷ একত্ৰীকৰণৰ প্ৰতিবাদত শুকুৰবাৰে চিকিৎসক সকলক কৰ্মবিৰতি পালনৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ ৷ কেৱল ক'ভিড সংক্ৰান্তীয় আৰু জৰুৰীকালিন সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত চিকিৎসকৰ ৷

লাহৰীঘাটত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

বৃহস্পতিবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশতলিত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ সভাত সমাগত বিধানসভা নিৰ্বাচনত সকলোৱে সৱল ভুমিকা পালন কৰি বিজেপিক জয়ী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি টি ৰাজীৱ আহমেদৰ ৷

গোসাইগাঁৱত বেলট বাকচ কঢ়িওৱা বাঢ়নত আক্ৰমণ

বেলট বাকচক লৈ উত্তেজনাৰ সৃষ্টি সমগ্ৰ অঞ্চলটোত । বেলট বাকচ কঢ়িওৱা বাহন এখন মহকুমাধিপতিৰ কাৰ্যালয়লৈ লৈ যোৱাৰ পৰিবৰ্তে গোসাইগাঁও টাউনলৈ যোৱাৰ সময়ত ৰাইজে প্ৰত্যক্ষ কৰি আটক কৰি বাহন খনত আক্ৰমণ কৰে ।

ৰাজস্থানৰ জে.কে. লোন হাস্পতালত 24 ঘন্টাত 9 শিশুৰ মৃত্যু

মৃত সদ্যজাত শিশুৰ পৰিয়ালৰ লোকে জে.কে. লোন হাস্পতালৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই শিশু কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পাছতে জিলা উপায়ুক্তই ঘটনাৰ তদন্তৰ বাবে তদন্তকাৰী কমিটি গঠনৰ নিৰ্দেশ দিছে ৷

ডিব্ৰুগড়ত বাধাগ্ৰস্ত লোকৰ বাবে স্ক্ৰীণিং শিবিৰৰ আয়োজন

বৃহস্পতিবাৰৰ পৰা 24 ডিচেম্বৰলৈ ডিব্ৰুগড় জিলাৰ বাধাগ্ৰস্ত লোকসকলৰ প্ৰামাণীকৰণৰ সুবিধাৰ্থে স্ক্ৰীণিং শিবিৰৰ আয়োজন জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ ৷ বাধাগ্ৰস্ত লোকসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাভত সহায় হোৱাকৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

চিত্ৰাংকণ প্ৰতিযোগিতাৰে ভোটাৰৰ মাজত সজাগতাৰ সৃষ্টি জিলা নিৰ্বাচনী বিষয়াৰ

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰৰ বাবে প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাতটা বিধানসভা সমষ্টিৰ বিপৰীতে সাতটাকৈ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় এই চিত্ৰাংকণ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ জৰিয়তে নতুন ভোটাৰসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণ আৰু কৰ্তন, সবিশেষ শুধৰণি, নাম স্থানান্তৰ আদি সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস হয় ৷

মঙলদৈত দিব্যাংগৰ মাজত সামগ্ৰী বিতৰণ

মঙলদৈ সৈনিক ভৱনত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ লোক সকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ ৷ বৃহস্পতিবাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত অনুষ্ঠিত সামাজিক অধিকাৰিতা শিবিৰত সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷

মহানগৰীত ৰেইজদৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন

শ্বহীদ দিৱস উপলক্ষে বৃহস্পতিবাৰে মহানগৰীৰ বৰাগাঁওস্থিত অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ চৌহদত ৰক্তদান শিবিৰৰ আয়োজন স্বেচ্ছাসেৱী সংস্থা ৰেইজদৰ ৷ 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ আয়োজন কৰা ৰক্তদান কাৰ্যসূচীত ৰক্তদান কৰে প্ৰায় শতাধিক লোকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.