ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Nov 19, 2020, 11:02 AM IST

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে

বিধান সভা নিৰ্বাচনৰ আগে আগে হ'বলগীয়া অসমৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত পুন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী অৱৰ্তীণ কৰাব আম আদমী প্ৰাৰ্থীয়ে ৷ পৰিষদৰ নিৰ্বাচনৰ দহখন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচিত কৰিলে আপে ৷

বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

ৰাজ্যত সমাগত বিধান সভাৰ নিৰ্বাচন আৰু বিটিচিৰ নিৰ্বাচনৰ প্ৰাকখনত বিপিএফ ত্যাগ কৰি বিজেপিলৈ যোৱা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে সৰৱ ক্ষুদ্ধ হৈ পৰিছে একাংশ বিপিএফ নেতাকৰ্মী ৷

হাহিমত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ

বৃহস্পতিবাৰে পুৱাই প্ৰায় 50 জনীয়া এটা হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰে হাহিম অঞ্চলত ৷ হাহিমৰ কাষেৰে বৈ যোৱা শিংৰা নৈৰে পাৰ হৈ হাহিম অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে হাতীৰ জাকটোৱে ৷

ডিব্ৰুগড়ৰ ডেৰশ বছৰীয়া বলভদ্র মন্দিৰৰ পূজা সমাপন

অসম, অৰুণাচল আদি বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে বলভদ্ৰ থান মন্দিৰ চৌহদত ৷ মনোবাঞ্চা পূৰণৰ অৰ্থে মন্দিৰত ভিৰ কৰে অগনন ভক্তপ্ৰাণ ৰাইজে ৷

নাগৰোতাত সেনাৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ জম্মু জিলাৰ নাগৰোতাস্থিত বান টোল প্লাজাত ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা এক ভয়ানক সংঘৰ্ষত সেনাৰ হাতত নিহত হয় চাৰিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৷

কৰিমগঞ্জৰ দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ

কৰিমগঞ্জৰ পাথাৰকান্দিত বুধবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ ৷ নিলামবজাৰত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত অপৰাধীকেইটাক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্য়স্ত কৰে সংগঠন দুটাই ৷

তিৱা স্বায়ত্ব শাসন পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰতিক্ৰিয়া

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত মৰ্মে আমি এতিয়া নিৰ্বাচন খেলিবলৈ বাধ্য বুলি উল্লেখ কৰে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচন আয়োগে আমাৰ আহ্বান নামানিলে বুলি ক’লে বিধায়ক গৰাকীয়ে ৷

প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নামচাই

অৰুনাচল প্ৰদেশৰ নামচাইত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ সহস্ৰাধিকৰ প্ৰতিবাদী সমদল ৷

মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বুধবাৰে মৰিগাঁৱৰ ভূৰবন্ধাত তিৱা যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ গীত, নৃত্যৰ আৰু গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰৰে সম্পন্ন হয় এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন

ভাইৰেঙটি সংলগ্ন পাহাৰত মিজোৰামে আগ্ৰাসন কৰাৰ ফলত এতিয়া অসমৰ লোকে সেই স্থানলৈ প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজ ঘৰবাৰী এৰি নিৰাপত্তা বিছাৰি অন্য স্থানলৈ ঢাপলি মেলিছে ৷ উক্ত অঞ্চলটোত থকা জনসাধাৰণে সম্প্ৰতি উজাগৰে থাকিব লগীয়া হৈছে মিজো দুৰ্বৃত্তৰ উপদ্ৰবৰ ফলত ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘৰবাৰী ৰক্ষা কৰিবলৈ নিশা হ’লে পহৰা দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.