ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 30, 2020, 10:59 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 11 am
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

তেজপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক

তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত এখন বগা ৰঙৰ গাড়ীৰ পৰা নামি আহি দুৰ্বৃত্তই সাংবাদিকজনক নাম সুধি হঠাৎ উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে ।

৩০ বছৰেও আন্তঃগাঁথনি উন্নত নহ’ল চাচনী সামূহিক চিকিৎসালয়ৰ

ৰাজ্যৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনীৰ ৩০ খন বিছনাযুক্ত সামূহিক চিকিৎসালয়খনে ৷ উল্লেখ্য যে ৮৫ খন ৰাজহ গাঁৱেৰে গঠিত বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ ৰাইজৰ বাবে ৯০'ৰ দশকতে সেই সময়ৰ অগপ চৰকাৰৰ কাৰ্যকালতে প্ৰতিষ্ঠা কৰা চিকিৎসালয়খনৰ বৰ্তমানেও পৰ্যাপ্ত আন্তঃগাঁথনি নোহোৱাৰ বাবে উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ লগতে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে চাচনীৰ জনসাধাৰণ ৷

সৰ্প দংশনৰ বলি হোৱা মহিলাৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই সৰ্প দংশনত আক্ৰান্ত মহিলাৰ মৃত্যুৰ অভিযোগ ৷ নাজিৰা আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ চন্দিকা হাজৰিকা নামৰ এগৰাকী মহিলাক যোৱাকালি গধূলি নিজা ঘৰত সৰ্পই দংশন কৰে ৷

নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ

‘কৰম পৰব’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ নাহৰকটীয়া শাখাই ৷

মানসিক ৰোগ আৰু চিকিৎসা সন্দৰ্ভত বিশেষ সজাগতা

মৰিগাঁৱত প্ৰথমবাৰৰ বাবে বানাক্ৰান্ত মহিলাসকলৰ মাজত মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত মানসিক ৰোগ,লক্ষণ আৰু চিকিৎসাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হৈ যায় ।

কেইবাটাও গুৰুত্ব পূৰ্ণ বিষয় লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কৰ’না ভাইৰাছৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেতবোৰ নতুন পদক্ষেপ ৷ বিশেষকৈ হোম কোৱাৰেন্টাইনত থাকিব খোজা ক’ভিড আক্ৰান্ত লোক সকলৰ ক্ষেত্ৰত লৈছে কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এতিয়াৰে পৰা কোনো লোক হোম কোৱাৰেন্টাইন হৈ থাকিব খুজিলে ল’ব লাগিব ওচৰচুবুৰীয়াৰ পৰামৰ্শ ৷ চুবুৰীয়াৰ কোনো আপত্তি নাথাকিলে কৰ’নাত আক্ৰান্ত লোকজন থাকিব পাৰিব হোম কোৱাৰেন্টাইনত ৷ কিন্তু তাৰ বাবে লোকজনৰ থাকিব লাগিব পাল্চ অক্সিমিটাৰ ক্ৰয় কৰাৰ সামৰ্থ ৷ লগতে থাকিব লাগিব এজন ব্যক্তিগত চিকিৎসক ৷ যিয়ে কৰ’না আক্ৰান্ত লোকজনৰ পাল্চ অক্সিমিটাৰ প্ৰতিমুহূৰ্ততে পৰীক্ষা কৰি থাকিব ৷

আঞ্চলিক গণ মৰ্চাৰ সংগ ত্যাগ এল ডি পিৰ

আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই শেহতীয়াকৈ যোৱা কেইদিনত 'বিজেপিক পৰাভূত কৰাৰ বাবে' কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰৰ লগত বুজাপৰা বা মিত্ৰতা কৰাৰ বাবে আগ্ৰহী হৈ উঠাৰ লগে লগে মৰ্চাৰ সহযোগী কেইবাটাও দল সংগঠন তথা ব্যক্তি বিশেষে অসন্তুষ্টি প্ৰকাশ কৰিছে । তেনে আভ্যন্তৰীণ মনোমালিন্যৰ কাৰণেই শনিবাৰে এই মৰ্চাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি চমূকৈ এল ডি পিয়ে ।

বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিক দলবদ্ধ আক্ৰমণ

শনিবাৰে সন্ধিয়া ৯ মান বজাত লক্ষীপুৰৰ তালতোলাত সংঘটিত হয় এক দলবদ্ধ আক্ৰমণৰ ঘটনা । বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰজামাল শিকদাৰক দলবদ্ধ আক্ৰমণ । আক্ৰমণত গুৰুতৰ আহত শিকদাৰ ।

এবছৰত নিৰ্মাণ হ’ব লগীয়া গড়কাপ্তানি পথৰ আধাও হৈ নুঠিল দুবছৰে

৩২৪,৪৪ লাখ টকাৰে ৪.৫০ কি:মি: দৈঘ্যৰ এটা পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই দুবছৰে ৷ নিবিদা আদায়ৰ সময়ত নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছিল এবছৰ ৷ কিন্তু এবছৰৰ ভিতৰত কাম আধৰুৱা কৰি বৰ্তমানলৈকে পথটোৰ নিৰ্মাণৰ কাম পেলাই থৈছে ঠিকাদাৰে ৷

NIA গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীৰ ব্ৰিটেইন এয়াৰপৰ্ট আক্ৰমণৰ ঘটনাৰে সংযোগ

2007 চনত এই আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধতো উক্ত সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰো কৰা হৈছিল ৷ বিষয়া সকলে লগতে কয় যে, সন্ত্ৰাসবাদীটো ব্ৰিটেইন এয়াৰপৰ্টত হোৱা আক্ৰমণৰ মাষ্টাৰমাইণ্ড কাফিল আহমদৰ আত্মীয় আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.