ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 11, 2020, 11:00 AM IST

Updated : Aug 11, 2020, 12:58 PM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি...

Top 10 @ 11 AM
পুৱা 11 বজাৰ শীৰ্ষ বাতৰি
  1. বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত শ্ৰীলংকাৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই কয় যে, দ্বীপ ৰাষ্ট্ৰখনক এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ বিদেশী শক্তি নহয়, দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ নতুন সংবিধানৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

2. ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড : ন্যায়ৰ দাবী সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ

ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিৰ হত্যাকাণ্ডই সমগ্ৰ বৰাক উপত্যকা উত্তেজিত কৰি তোলাৰ সময়তে ন্যায়ৰ দাবী কৰে সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনে ৷ এই সংগ্ৰামৰ অংশীদাৰ হ'বলৈ সকলো ৰাইজকো আহ্বান জনাই সংগঠনৰ সদস্যই ৷

3. মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড

মৰিগাঁও-কামৰূপ(গ্ৰাম্য) জিলাৰ সীমান্তৱৰ্তী ক্ষেত্ৰীত ৰহস্যজনক ভাৱে বোৱাৰীৰ মৃত্যু । সমগ্ৰ ঘটনাক লৈ মৰিগাঁৱৰ বহা আৰু ক্ষেত্ৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি । মৃত মহিলাগৰাকীৰ পিতৃ গৃহ মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বহা গাঁৱত । পৰিয়ালৰ অভিযোগ অনুসৰি,এয়া এক পৰিকল্পিত হত্যাকাণ্ড ।

4. COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ

ৰাজ্যত সোমবাৰে পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷

5. 15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা

সোমবাৰে গুৱাহাটী মহানগৰীত এখন সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদে ৷ সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৱে কয় যে, পৰৱৰ্তী ১৫ আগষ্টত যদিহে চৰকাৰে টাই আহোমসকলক জনজাতিৰ উপৰিও স্বায়ত্ব শাসনৰ মৰ্যদা প্রদানৰ নকৰে তেন্তে পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ পৰিণাম ভোগ কৰিব বিজেপিয়ে ।

6. ভৰ লুইতৰ খহনীয়াত বিপদাপন্ন দক্ষিণ শালমাৰা

ভৰা লুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰা সমষ্টিৰ বৃহত্তৰ ফকিৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত ৷ মানচিত্ৰৰ পৰা নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে দক্ষিণ শালমাৰা সমষ্টিৰ বহু অঞ্চল ৷

7. দিনৰ ভাগত শিথিল ঢেকীয়াজুলিত জাৰি কৰা সান্ধ্য আইন

ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ দিনটোতেই ঢেকীয়াজুলিত সংঘটিত হৈছিল হিংসাত্মক ঘটনা ৷ ফলত পিচত শোণিতপুৰ জিলা প্ৰশাসনে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত জাৰি কৰিবলগীয়া হৈছিল সান্ধ্য আইন ৷ অৱশ্যে এই সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা বুলি জানিব পৰা গৈছে ৷ দিনৰ ভাগত পুৱা 6 বজাৰ পৰা আবেলি 6 বজালৈ সান্ধ্য আইন শিথিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ৷

8. ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

দিল্লীৰ আৰ্মী হাস্পতালত সম্প্ৰতি চিকিৎসাধীন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ সোমবাৰে পুৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷

9. চি আই টি ইউৰ আহ্বানত গোৱালপাৰাত 5 সংগঠনৰ প্ৰতিবাদ

চি আই টি ইউৰ আহ্বান মৰ্মে ভাৰত হাতাও আন্দোলনৰ লগত সংগতি ৰাখি পাঁচ সংগঠনে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

10. টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2

37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱসাগৰ অভিমুখী AS-03A-9642 নম্বৰৰ ট্ৰাকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-03K-0388 নম্বৰৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত দুই বাইক আৰোহী ৷

Last Updated : Aug 11, 2020, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.