ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jun 18, 2021, 1:10 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

দুলীয়াজানৰ টিপলিং নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং ৷

অযোধ্যাৰ বিতৰ্কিত ভূমি চুক্তিত চিবিআইৰ তদন্তৰ প্ৰয়োজন নাই: লাল্লু সিঙ

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিৰোধী দলসমূহে অযোধ্যাৰ ৰাম মন্দিৰ ট্ৰাষ্ট (Ram mandir trust) ৰ ভূমি চুক্তি সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ আনি চিবিআই (CBI)ৰ তদন্তৰ দাবী কৰিছিল ৷ এই সন্দৰ্ভত অযোধ্যাৰ লোকসভাৰ সাংসদ লাল্লু সিঙে (Lallu Sing) বিৰোধীৰ দাবীক ভিত্তিহীন আখ্যা দি এই দাবীক অস্বীকাৰ কৰে আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ভিত্তিহীন বিষয় উত্থাপন কৰিছে বুলিও মন্তব্য কৰে ৷

ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

শুকুৰবাৰে বিধানসভাৰ সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে ৷

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল’লে গৃহমন্ত্ৰী ৰাজনাথ সিঙে

দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Sing) শুকুৰবাৰে শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ লয় ৷ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহতো উপস্থিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিং (Rajnath Sing) ৷

শেষকৃত্যৰ পূৰ্বে জী উঠিল মৃত শিশু

পৰিয়ালৰ লোক শেষকৃত্যৰ বাবে সাজু হওঁতেই জীৱিত হৈ উঠিল চিকিৎসকে মৃত ঘোষণা কৰা এটি শিশু ৷ টাইফইদত আক্ৰান্ত সাতবছৰীয়া শিশুটিক দিল্লীৰ চিকিৎসকে মৃত ঘোষণা কৰিছিল ৷

ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি

ত্ৰিপুৰাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান একে শুক্লাৰ বিৰুদ্ধে ৰাজকোষৰ ধনৰ অবৈধ আহৰণৰ অভিযোগ ৷ প্ৰাপ্য দৰমহাতকৈ 1,01,500 টকাকৈ অতিৰিক্ত ধন বিগত বৰ্ষৰ 13 জুলাইৰ পৰা প্ৰতি মাহে আহৰণ কৰি আহিছিল শুক্লাই ৷

আজি মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব কলকাতা উচ্চ ন্যায়ালয়ে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ তেওঁৰ আবেদনত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ ৰ অধীনত দুৰ্নীতিমূলক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ শুনানিৰ বাবে শুকুৰবাৰৰ দিনটো তালিকাভুক্ত কৰা হৈছে ৷

পাছিঘাটত অসমৰ গাড়ী চালকক ধন দাবী অৰুণাচল আৰক্ষীৰ

চুবুৰীয়া ৰাজ্য অৰুণাচল(Arunachal pradesh)ত অসমৰ গাড়ী চালক সকল যে সুৰক্ষিত নহয় সেই অভিযোগ নতুন নহয় ৷

নিজৰ জীৱনক তুচ্ছ কৰি চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক সকলক অৰুণাচলী দুৰ্বৃত্তই (goons from Arunachal) দাবী ধমকিৰে ধন কাঢ়ি লোৱা আৰু ধন নিদিলেই মাৰপিট কৰা ধটনা প্ৰায়েই চলি থাকে। কিন্তু, শেহতীয়াকৈ এই ধন দাবীত লিপ্ত হৈছে খোদ অৰুণাচল আৰক্ষী (Arunachal police ) ।

সপোন হৈ ৰ’ব নেইমাৰ জুনিয়ৰৰ টকিঅ’ অলিম্পিক যাত্ৰা !

বৃহস্পতিবাৰে ঘোষণা হোৱা টকিঅ’ অভিমুখী ব্ৰাজিলৰ ফুটবল দলটোৰ পৰা বাদ পৰি ৰৈছে তাৰকা ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ জুনিয় (Neymar Jr.)ৰ ৷ ৰিঅ' অলিম্পিক (Rio Olympic) ৰ স্বৰ্ণ বিজয়ী ব্ৰাজিল দলৰ গুৰুত্বপূৰ্ণ অংশ মাৰ্কুইনহছও বাদ পৰিল দলৰ পৰা ৷

নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ ৷ ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷ নাৰায়ণপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷

ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

"বৰ্তমান মোডী চৰকাৰৰ অৱস্থা এনেকুৱা যে, ইন্ধনৰ মূল্য(FUEL PRICE) বৃদ্ধি নহ'লেহে ই এক ডাঙৰ খবৰ হয়" । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক এনেদৰে সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(RAHUL GANDHI)ৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.