ভাৰত চৰকাৰে লুকুৱাইছে ক’ভিডত মৃত্যুৰ প্ৰকৃত তথ্য: আছাদুদ্দিন ওৱেইছি
AIMIM প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি (Asaduddin Owaisi)ৰ অভিযোগ ভাৰতত ক’ভিড 19ত মৃত্যু হোৱা লোকৰ চৰকাৰী তথ্য কোনো ক্ষেত্ৰতে প্ৰকৃত তথ্যৰ সৈতে মিল নাই ৷ ভাৰত চৰকাৰে এই তথ্য লুকুৱাইছে ৷
ৰাজস্থানৰ সিং ভাতৃদ্বয়ৰ ডালিম খেতি
সফলতা অৰ্জন কৰিবলৈ আপোনাক লাগিব আগ্ৰহ আৰু দৃঢ় সংকল্প । ৰাজস্থানৰ ভিলৱাৰা জিলাৰ হুদাৰ পঞ্চায়তৰ ৰুহেপালি গাঁৱৰ দুই ভাতৃয়ে তেনে অভিপ্ৰায়ৰে ৰচনা কৰিছে সফলতাৰ নতুন কাহিনী । সত্যেন্দ্ৰ সিং আৰু বীৰ বীৰেন্দ্ৰ বিক্ৰম দেৱ সিং নামৰ দুই ভাতৃয়ে প্ৰায় ৬০ বিঘা মাটিত কৰি আহিছে ডালিমৰ খেতি । ইয়াৰ দ্বাৰা তেওঁলোকে উৎপাদন কৰে লাখ লাখ টকাৰ ডালিম । লক্ষণীয়ভাৱে তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি গ্ৰীষ্মকালতো উৎপাদন কৰিছে ডালিম ।
ফ্ৰেন্স অ’পেনৰ খিতাপ দখল ন’ভাক জ’ক’ভিছৰ
ফ্ৰেন্স অ’পেন (French Open)ৰ খিতাপ ন’ভাক জ’কভিছ (Novak Djokovic)ৰ ব্যক্তিগত 19 তম গ্ৰেণ্ড শ্লেম খিতাপ ৷ এই খিতাপ লাভৰ পাছতেই চাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকী স্পেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডাল আৰু ছুইজাৰলেণ্ডৰ তাৰকা খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জনৰ ক্ষেত্ৰত এটা খোজ দূৰৈত আছে ৷
উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ
উদালীৰ চিকিৎসকক প্ৰহাৰ কাণ্ড(doctor attack incident)ৰ লগত জড়িত ইজনৰ পিছত সিজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ দেওবাৰে নিশা হোজাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ
গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাৰ ১৪ নং লাইনত দেওবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷
ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট
ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) দেওবাৰে ৬০-৫৯ টা ভোটৰ ব্যৱধানত নাফটালি বেনেটেক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পূৰ্বে বেঞ্জামিন নেতানিয়াহুৱে প্ৰায় 12 বছৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
ড্ৰাগছ সৰবৰাহৰ অভিযোগত ধৃত বিজেপি কৰ্মীক দলৰ পৰা বহিষ্কাৰ
শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বিজেপি কৰ্মী প্ৰদীপ চৌধুৰীক ৷ যাৰ পাছত দলীয় নেতৃত্বই এক সংবাদমেলৰ আয়োজন কৰি প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰে ৷
বিগত 20 বছৰে লাম্পীত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা
অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ বিগত 20 বছৰ পূৰ্বে বকোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু কোটি টকা খৰচ কৰি স্থাপন কৰিছিল পানী যোগান প্ৰকল্প ৷ কিন্তু কোটিটকীয়া প্ৰকল্পৰ পৰা অঞ্চলবাসীয়ে নাপালে এটুপিও খোৱাপানী ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলত বৰ্তমান জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে কোটিটকীয়া প্ৰকল্পটো ৷
জাগুণত অঘটন: পুখুৰীৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ ৪ কিশোৰ
দেওবাৰে জাগুনৰ এটা পুখুৰীৰ পৰা স্থানীয় ৰাইজৰ তৎপৰতাত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে 4 গৰাকী কিশোৰ-কিশোৰী ৷ উদ্ধাৰ হোৱা আটাইকেইগৰাকীৰ ঘৰ তিনিচুকীয়াৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৱতীপুৰ গাঁৱত বুলি জানিব পৰা গৈছে । অতি সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ডিব্ৰুগড়ৰ বিজেপিৰ সাধাৰণ সম্পাদকৰ কৰ’ণাত মৃত্যু
ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক খগেন দত্তৰ ক’ভিড 19 ত মৃত্যু হয় ৷ জানিব পৰা মতে, খগেন দত্ত ক’ভিডত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত চিকিৎসাধীন অৱস্থাত আছিল ৷