মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
শনিবাৰে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে G7 সন্মিলনৰ প্ৰথমখন প্ৰচাৰ বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড 19 (Covid 19)ৰ সময়ছোৱাত G7 আৰু ইয়াৰ অন্যান্য অতিথি দেশসমূহে ভাৰতক কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস
দৈনিক ৩ লাখ লোকক ভেকচিন(Vaccine) প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । বিগত ২৪ ঘণ্টাত ৮৫,২৫১ গৰাকী লোকক ভেকচিন(Vaccine) প্ৰদান ।
বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । সেই অনুসৰি জুন মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বনকৰ্মীৰ খাদ্য ভাট্টা বৃদ্ধি কৰা হৈছে ।
সৰ্পৰ সৈতে খেলত মগ্ন নাৰায়ণপুৰৰ অভিজিত
লখিমপুৰ জিলাখনতে "সৰ্পবন্ধু" হিচাপে পৰিচিত অভিজিতে বিভিন্ন প্ৰান্তৰ এহেজাৰ বিধতকৈও অধিক সৰীসৃপক উদ্ধাৰ কৰি বন বিভাগৰ সহযোগত প্ৰকৃতিৰ বুকুত সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।
৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ
দক্ষিণ কৰ্ণাটকৰ চামৰাজনগৰত বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ ঘৰ ৷ ঘৰটোত আছে জনতা, কহিনুৰ, কাঞ্চন, পাইলট, চাংকিয়াকে ধৰি এইচ এম টি কোম্পানীৰ বিভিন্ন প্ৰকাৰৰ ঘড়ী । এই বিশেষ ঘৰটো হৈছে দক্ষিণ কৰ্ণাটকৰ চামৰাজনগৰৰ শিক্ষক পোন্নাচি মহাদেৱস্বামীৰ ৷ বৰ্তমান ম’বাইলৰ যুগত ঘড়ী পিন্ধা লোকৰ সংখ্যা কমি আহিছে । অৱশ্যে এই শিক্ষকজনে যোৱা এবছৰ ধৰি ক্ৰয় কৰি আহিছে বিভিন্ন মডেলৰ ঘড়ী । লক ডাউনৰ সময়ত তেওঁ ঘড়ী মেৰামতিৰ প্ৰশিক্ষণ লৈছিল । তেওঁ সম্প্ৰতি য়েলাণ্ডুৰুৰ বিআৰপি । প্ৰথমে তেওঁ শ্ব'ৰুম, ঘড়ীৰ দোকান আৰু অনলাইনত সংগ্ৰহ কৰিছিল এইচ এম টি ঘড়ী । এতিয়া তেওঁৰ ওচৰত আছে ৪০০ তকৈও অধিক ঘড়ী ।
Microfinance ৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালত প্ৰতিবাদ
মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাইৰ দাবীত উত্তাল ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলা ৷ মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাই দিয়াৰ কথাকৈ এতিয়া ওলোটা খৰ মাৰিছে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলাই ৷
সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰাসহ আটক এজন
আন্তৰ্জাতিক চক্ৰৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বেহা চলোৱা এগৰাকী ব্যৱসায়ীক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ৷ অভিযানটোত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেটৰ সৈতে উদ্ধাৰ কৰিলে বাংলাদেশী ধন ৷
ক’ভিড সংকটত ৰাজ্যৰ পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ জীৱন বিপৰ্যস্ত
ক’ভিড কালত সম্প্ৰতি ৰাজ্যত চাৰি লাখ পদপথৰ ক্ষুদ্র ব্যৱসায়ীয়ৰ ব্যৱসায় বন্ধ হৈ পৰিছে ৷ এই সকল লোককলৈ প্ৰধানমন্ত্ৰীয়ে লোৱা স্ব-নিধিৰ আঁচনিৰ পৰাও বঞ্চিত হৈছে ৰাজ্যৰ বৃহৎ সংখ্যক ক্ষুদ্র ব্যৱসায়ী ৷
বানাক্ৰান্তলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহায়ৰ হাত
শিঙৰা নদীৰ প্ৰলয়ংকৰী বানে দক্ষিণ নাওবৈচাৰ 30 খনতকৈ অধিক গাঁও বিধ্বস্ত কৰি যোৱাৰ পাছত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন দল-সংগঠনে ৷ শনিবাৰে বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
ফটাশিলত বিনামূলীয়া ভেকচিন শিবিৰ: 6000 লোকক ভেকচিন প্ৰদানৰ লক্ষ্য
অসমত কৰ’ণা (Covid 19) সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে । সংক্ৰমণৰ হাৰৰ লগতে কৰ’ণাত মৃত্যু হোৱা সংখ্যা যাতে কমাব পাৰি, তাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো ভেকচিন প্ৰদান কাৰ্য খৰতকীয়া কৰি তোলা হৈছে ।