শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক
অসম আৰক্ষীৰ অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে সমগ্ৰ ৰাজ্যত ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা আৰক্ষীয়ে জিলাখনৰ হালোৱাটিঙত বৃহৎ পৰিমাণে গাঞ্জা উদ্ধাৰ কৰাৰ লগতে শুকুৰবাৰে এজন গাঞ্জা বেপাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ
তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ বিয়োগ ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷
ছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ
শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ আনহাতে মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে ৷
পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ
তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ
সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ এনে সময়তে শুকুৰবাৰে, গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী ৷ অভিযানটোত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল এজন ড্ৰাগছ ব্যৱসায়ীকো ৷
শুকুৰবাৰৰ দিনটোৰ নলবাৰীৰ ক’ভিডৰ তথ্য
শুকুৰবাৰৰ দিনটোত নলবাৰী জিলাত 94 গৰাকী লোক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ বিপৰীতে সম্প্ৰতি জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 4969 গৰাকীলৈ বৃদ্ধি পাইছে ৷
ভাৰত পালেহি তিনিখন ৰাফেল যুদ্ধ বিমান
বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা ভাৰত পালেহি ৩ খন ৰাফেল যুদ্ধ বিমান । শীঘ্ৰে ভাৰতীয় বায়ুসেনাই পশ্চিমবংগৰ হাছিমাৰাত এই বিমানসমূহৰ দ্বিতীয় লানি স্কোৱাড্ৰণ উৰণ অভিযান আৰম্ভ কৰিব । ভাৰতীয় বায়ুসেনাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।
মহাৰাষ্ট্ৰত অট্টালিকা খহি নিহত ৭
নিশা মহাৰাষ্ট্ৰৰ উলহাচনগৰত এটা ৫ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ৭ জন লোক নিহত হয় । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে ।
কলিয়াবৰত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
শুকুৰবাৰে নিশা কলিয়াবৰত জখলাবন্ধা আৰক্ষী নিৱেশৰ বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত চলা এক অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কৃষ্ণমণি দাস আৰু আমিৰ হামজাই বহুদিনৰ পৰা ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷
লাহোৱালত প্ৰশাসনৰ উদ্যোগত বাট-পথ ছেনিটাইজেচন
ক’ভিড মহামাৰীক প্ৰতিহত কৰিবলৈ লাহোৱাল আৰক্ষীৰ বিশেষ তৎপৰতা ৷ লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ উদ্যোগত ছেনিটাইজ কৰা হয় বাট-পথ ৷