ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 26, 2021, 1:15 PM IST

দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

পশ্চিমবংগতো পূৰ্ণ প্ৰভাৱ পৰিছে ঘূৰ্ণী বতাহ য়াছৰ ৷ ইতিমধ্যে ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ বুধবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৃষ্টিপাতে জনজীৱন একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে ৷ ৰাজ্যখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত পূৱ মেদিনীপুৰৰ দীঘাৰ উপকূল অঞ্চলত দেখা গৈছে য়াছৰ প্ৰভাৱ ৷

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷

ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে

বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু ৷ কৰ’ণাত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল বিপিএফৰ বিধায়ক গৰাকী ৷

ফুটবল খেলুৱৈ দ্বিজেন বৰ্মনলৈ চৰকাৰৰ এককালীন সাহায্য

নলবাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দ্বিজেন বৰ্মনলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হয় এককালীন সাহায্য ৷ তিনিবাৰকৈ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হিচাপে খ্যাত দ্বিজেন বৰ্মনৰ জীৱন-জীৱিকাৰ দুৰ্দশাৰ বিষয়ে ইটিভি ভাৰতযোগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে তেওঁৰ কাষলৈ আহিল জনপ্ৰতিনিধি ৷

নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই

মঙলবাৰে কলিয়াবৰত উপস্থিত হয় নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ৷ কলিয়াবৰ মহকুমাৰ আইন-শৃংখলাজনিত সমস্যা সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ সৈতে এক আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ধেমালি খেদি ফুৰা বয়সত মাছ ধৰি পৰিয়াল পোহ-পাল দিছে আনাৰ হুছেইনে

আংশিক লকডাউনে জটিল সমস্যাৰ সৃষ্টি কৰিলে এগৰাকী কিশোৰ তথা তেওঁৰ পৰিয়ালৰ জীৱনত ৷ দুবেলা দুমুঠি খাবলৈ সমস্যাৰ সন্মুখীন হৈ মাছ বেপাৰীক মাছ ধৰি দি পৰিয়ালৰ দায়িত্ব লৈছে কিশোৰ গৰাকীয়ে ৷

কৰ'ণাত আক্ৰান্ত ৫০ বছৰৰ উৰ্ধৰ ব্যক্তিক ভৰ্তি কৰাব লাগিব চিকিৎসালয়ত

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মঙলবাৰে উপস্থিত হ’ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷ নলবাৰী জিলাত সম্প্ৰতি ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড

বিশাখাপট্টনমৰ এইচপিচিএল শোধনাগাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ পূৰ্বে বিশাখাপট্টনমত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডসমূহৰ ভিতৰত এয়া অন্যতম বুলি বিবেচিত হৈছে ৷

15 জুনৰ পৰা সোণৰ গহণাত বাধ্যতামূলক হলমাৰ্ক চিহ্ন

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰী পীযুষ গোৱেলে সদৰী কৰা অনুসৰি, গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধিৰ বাবে সোণৰ গহনা, বিশুদ্ধতা আৰু মানদণ্ডৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে গহণাত প্ৰস্তুত কৰা ডিজাইনৰ বিশেষত্বৰ প্ৰয়োজন ৷ এই কাৰ্যই ভাৰতক সমগ্ৰ বিশ্বৰ ভিতৰতে সোণৰ বজাৰৰ কেন্দ্ৰস্থলীলৈ ৰূপান্তৰ কৰাত সহায় কৰিব ৷ দেশত সোণৰ গহনা আৰু ইয়াৰ ডিজাইনৰ ক্ষেত্ৰত ১৫ জুনৰ পৰা হলমাৰ্ক বাধ্যতামূলক কৰা হৈছে ৷

প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ হাতলৈ আঁচনিৰ ধন

বাক্সা জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত প্ৰকৃত কৃষক । গোৱৰ্ধনাৰ প্ৰকৃত কৃষকসকলে প্ৰথম দুটা কিস্তি লাভ কৰিছিল যদিও বৰ্তমান বঞ্চিত হৈ আছে এইসকল কৃষক । কৃষকসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক জনোৱা মতে, বৰ্তমান ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.