ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 23, 2021, 1:03 PM IST

ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

দেওবাৰে পুৱতি নিশা ধনশিৰিত সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিহত 6 জন অচিনাক্ত তথা সন্দেহজনক ডিএনএলএ সদস্য ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী ৷

মল্লযোদ্ধা সুশীল কুমাৰক দিল্লীত গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ মল্লযোদ্ধা সুশীল কুমাৰ ৷ পঞ্জাৱ আৰু ৰাজধানী চহৰ নতুন দিল্লীৰ ভিন্ন এলেকাত মল্লযোদ্ধাজনক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷

য়াছ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ পৰ্যালোচনা বৈঠক

প্ৰধানমন্ত্ৰীয়ে দেওবাৰে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে আহিবলগীয়া ঘূৰ্ণীবতাহ য়াছৰ বিৰুদ্ধে সজাগ হ’বলৈ সম্বোধন কৰিব এখন পৰ্যালোচনা বৈঠক ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব ৷

ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ অভিযান

ডিব্ৰুগড় জিলাৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ কটকটীয়া তালাচী ৷ মৰাণ আৰু বগীবিল দলঙত তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন বাহন ৷

নাহৰকটীয়াৰ কণ্টেইনমেন্ট জ’নত চেনিটাইজেচন বালিমৰা পঞ্চায়তৰ

শনিবাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে নাহৰকটীয়াৰ বালিমৰা পঞ্চায়তে হাতত লৈছে চেনিটাইজেচনৰ বিশেষ পদক্ষেপ ৷ আনকি প্ৰয়োজনত নিজে চেনিটাইজেচন কৰি ল’বলৈ কণ্টেইন্টমেন্ট জ’নৰ আবাসী সকলক পঞ্চায়তৰ তৰফৰ পৰা যোগান ধৰিছে চ’ডিয়াম হাইপক্ল’ৰাইড ৷

প্ৰকৃতি সংৰক্ষণ কৰক, উজানত উঠা মাছ নামাৰিব: বকুল গগৈ

শনিবাৰে গহপুৰৰ ডুবিয়াত বৃক্ষ মানৱ বকুল গগৈয়ে উদযাপন কৰে জৈৱ বৈচিত্ৰ দিৱস । প্ৰকৃতি সংৰক্ষণ কৰাৰ লগতে অসমৰ জনসাধাৰণক জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ আহ্বান বৃক্ষ মানৱ বকুল গগৈৰ ৷

নাৰায়ণপুৰত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ

নাৰায়ণপুৰৰ ধলপুৰ দকুৱাৰ পৰা দুলীয়াপথাৰ সংযোগী প্ৰায় 9 কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতিৰ অভিযোগ ৰাইজৰ ৷ উক্ত পথচোৱা নিৰ্মাণৰ বাবদ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আৱণ্টন দিয়া হৈছিল 11 কোটি টকা । কিন্তু ঠিকাদাৰে আধাতে সামৰিলে পথ নিৰ্মাণ কাৰ্য ৷

ধুবুৰীত ২৭৩৮ গৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা

ধুবুৰীতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে মহমাৰীৰ সংক্ৰমণ । প্ৰতিদিনে ইটোৰ পাচত সিটোকৈ মহমাৰীৰ কবলত পৰিছে । শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৩৩ গৰাকী মহামাৰী কৰ'ণাৰ কবলত পৰে ।

ৰঙিয়াৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ৰঙিয়াৰ নিজ বড়িগোগৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ । শনিবাৰৰ পৰা বলৱৎ হোৱাকৈ উক্ত গাঁৱখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

ধুবুৰীত জব্দ 10 টা চোৰাং ভাৱে সৰবৰাহ কৰা গৰু

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে ধুবুৰীৰ সীমান্তৰ শিয়ালদাহ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ কৰা হয় চোৰাং ভাৱে সৰবৰাহ কৰা 10টা গৰু ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.