ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : May 20, 2021, 1:04 PM IST

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...
1 বজাৰ দহটা শীৰ্ষ বাতৰি...

কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া?

ক’ভিড মহামাৰীৰ সময়ত কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া? নাটক কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এইগৰাকী জ্যেষ্ঠ অভিনেতাই ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই ইচ্ছা প্ৰকাশ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷ ক’ভিডক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, ধৰ্মীয় অনুষ্ঠান আৰু নিৰ্বাচনী যুদ্ধৰ বাবেই ৰাজ্যত পুনৰ ক’ভিডে ভয়াৱহ ৰূপ লৈছে । নতুন চৰকাৰক লৈআশাবাদী অভিনেতাগৰাকী । বহু নতুন কামৰ পৰিকল্পনাৰে ঘৰৰ চৌহদৰ পৰাই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰি সময় পাৰ কৰিছে অভিনেতাগৰাকীয়ে ৷

ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে

ৰাজস্থান চৰকাৰে ৰাজ্যখনত ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত ৰাজস্থান চৰকাৰে ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷

ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক

বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ল সাংসদ আব্দুল খালেক আৰু দুই নৱ নিৰ্বাচিত বিধায়ক ৷ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসক বিৰোধী সকলোৱে একত্ৰিত হ'ব লাগিব আৰু ক'ভিডক লৈ ৰাজনীতি কৰাৰ পক্ষপাতি নহয় বুলি মন্তব্য কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আৰু আন আন স্থানত এল এম অ’ টেংক স্থাপন কৰিবলৈ চৰকাৰ দাবী জনোৱাৰ লগতে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে ক'ভিড নিয়ন্ত্ৰণৰ বাবে এখন এম্বুলেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷

পুনৰ ৰক্তাক্ত কাৰ্বি ভূমি: সন্দেহযুক্ত ডিএনএলএৰ গুলিত নিহত এজন

বুধবাৰে নিশা ধনশিৰি দাউজিফাঙৰ নিবাসী সঞ্জয় ৰংহাং নামৰ লোকজনক পদূলিমুখতে গুলীয়াই হত্যা কৰে সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে ৷ পৰৱৰ্তী সময়ত অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষ ৷

ধুবুৰীত জব্দ 8 খনকৈ শিল ভৰ্তি ডাম্পাৰ

ধুবুৰীৰ বন বিভাগে বুধবাৰে পুৱা ভূটানৰ পৰা অহা 8 খনকৈ শিল ভৰ্তি অভাৰ লোডিং ডাম্পাৰ জব্দ কৰে ৷ শিল ভৰ্তি ডাম্পাৰ কেইখন ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাইছিল শিল মাফিয়াই ৷ কিন্তু বন বিভাগৰ দলে ডাম্পাৰকেইখন জব্দ কৰে ৷

কৰ'ণাত মৃত্যু ডিব্ৰুগড়ৰ 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ পৰিচালকৰ

ৰাজ্যৰ অন্যতম সংবাদ প্ৰতিষ্ঠান 'অসমীয়া প্ৰতিদিন' কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে মহামাৰীৰ বাবেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । মৃত ব্যক্তিগৰাকী হৈছে প্ৰতিষ্ঠানটোৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী তথা পৰিচালক তনু বৰুৱা । কৰ'ণাত আক্ৰান্ত হৈ তেওঁ কিছুদিন ধৰি এখন ব্যক্তি হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

মৃত্যুৰ পাচতো এগৰাকী ক'ভিড ৰোগীক তিনিদিনৰো অধিক চিকিৎসা কৰি গ্ৰেপ্তাৰ চিকিৎসক ৷ মৃতকৰ পৰিয়ালৰ পৰা অধিক ধন সংগ্ৰহ কৰাৰ চক্ৰান্তৰে চিকিৎসকসকলে এনেদৰে এজন মৃত লোকক চিকিৎসা কৰাৰ অভিযোগ ৷

বিহালীৰ টেলেঙনীয়াত চেনিটাইজেছন

মঙলবাৰে বিহালীৰ টেলেঙনীয়া গাঁৱত চেনিটাইজেছন ৷ বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশমৰ্মে টেলেঙনীয়া গাঁও পঞ্চায়তে হাতত লয় এই পদক্ষেপ ৷

48 ঘণ্টাত চেপন চাহ বাগিচাত কৰ'ণাত আক্ৰান্ত 38 গৰাকী

মহামাৰী কৰ'ণাৰ গ্ৰাসত পৰিছে ৰাজ্যৰ চাহ বাগিচাসমূহ ৷ মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চাহ বাগিচাসমূহত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ বিগত দুটা দিনৰ ভিতৰত মৰাণৰ চেপন চাহ বাগিচাত আক্ৰান্ত হ'ল 38 গৰাকী লোক ৷

ডোঙাৰগাঁৱত হাতী-মানুহৰ সংঘাতত নিদ্ৰাহৰণ ৰাইজৰ

বুধবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ১ নং ডোঙাৰগাঁৱত চলাই ধ্বংসলীলা ৷ হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷ আতংকিত অঞ্চলবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.