ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 10, 2021, 1:29 PM IST

শপতগ্ৰহণৰ পূৰ্বে দৌলগোবিন্দ মন্দিৰত আশীষ ল'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে উত্তৰ গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভূ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আশীষ ল'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্দিৰ দৰ্শনত ভালেসংখ্যক শুভাকাংক্ষী তথা দলীয় কৰ্মকৰ্তাই সংগ দিলে জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু শৰ্মাক ৷ সম্পূৰ্ণ ক'ভিড নীতি পালন কৰি মহাপ্ৰভুৰ আশীষ ল'লে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মন্দিৰ প্ৰাংগনত উপস্থিত হোৱাৰ লগে লগে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, ফুলৰ থোপা আৰু শৰাইৰে উষ্ম আদৰণি জনাই ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

দুদিনৰ ব্যৱধানত দেশত পুনৰ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি

সোমবাৰে দেশত বৃদ্ধি পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি ক্ৰমে ২৬ পইচা আৰু ৩৩ পইচা । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯১.৫৩ টকা আৰু ডিজেলত ৮২.০৬ টকা ।

ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

কৰিমগঞ্জৰ জিলা কাৰাগাৰত বিগত দুদিনত 78 গৰাকী কয়দী ক’ভিডত আক্ৰান্ত ৷ কাৰাগাৰৰ ভিতৰতেই স্থাপন কৰা হৈছে 100 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ ৷

সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা

সান্ধ্য আইনৰ মাজতে যোৰহাটত সংঘটিত হ'ল আজৱ কাণ্ড ৷ দেওবাৰে যোৰহাটৰ নিউভিল ৰোডৰ এখন হোটেলত চাটাৰ বন্ধ কৰি সুৰাৰ ব্যৱসায় চলাই থাকোতেই যোৰহাট আৰক্ষীয়ে হাতে-লোটে ধৰিলে হোটেলৰ মালিক আৰু সুৰাৰ আদ্দাত বহা যুৱকক। অভিযানত 4 জন যুৱকসহ 4 খন বাইক জব্দ কৰিলে আৰক্ষীয়ে ৷

ক’ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেলেংগানাত 50হাজাৰ চিকিৎসাকৰ্মী নিযুক্তি

তেলেংগানা চৰকাৰে কৰ’ণা ভাইৰাছক সন্মুখৰ পৰা প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দেওবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অস্থায়ী ভিত্তিত ৫০ হাজাৰ চিকিৎসক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

ভাৰতে 3 লাখ ৰেমডেচিবিৰকে ধৰি বিভিন্ন ক’ভিড সম্পৰ্কীয় চিকিৎসা সাহাৰ্য লাভ কৰিছে

যোৱা ১৩ দিনত ভাৰতে বিশ্বৰ ভিভিন্ন দেশৰ পৰা তিনি লাখ ৰেমডেচিবিৰ ভাইল, ৬,৭৩৮ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩,৮৫৬ টা অক্সিজেন চিলিণ্ডাৰ আৰু ১৬ টা অক্সিজেন প্লান্ট লাভ কৰিছে ।

কেকেআৰ খেলুৱৈ নাৰিন, ৰাছেল কেৰিবিয়ানত উপস্থিত

ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ মুখ্য কাৰ্যবাহী বিষয়া জনি গ্ৰেভে বিচিচিআই আৰু আইপিএল দলসমূহক তেওঁলোকৰ সুৰক্ষিত ভ্ৰমণৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

ক'ভিডত আক্ৰান্ত দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মী

ক'ভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা আগবঢ়াই অৱশেষত নিজেই মহামাৰীৰ কবলত পৰিল দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মী । আনকি, ক'ভিড-১৯ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো মৃত্যু হল এগৰাকী চিকিৎসকৰ ।

সীতাপুৰ কাৰাগাৰৰ পৰা লক্ষ্ণৌ হাস্পতাললৈ স্থানান্তৰ আজাম খান আৰু তেওঁৰ পুত্ৰ

সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা মহম্মদ আজম খান আৰু তেওঁৰ পুত্ৰ আব্দুল্লা খানক সীতাপুৰ কাৰাগাৰৰ পৰা লক্ষ্ণৌৰ মেদান্ত চিকিৎসালয়লৈ ক'ভিড চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ত্ৰিপুৰাত স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়

ত্ৰিপুৰাত সকলো পৰ্যায়ৰ লোকৰ বাবে ন্যায় প্ৰদান ব্যৱস্থা উপলব্ধ কৰা আৰু ৰাজ্যখনৰ অনুশীলনকাৰী অধিবক্তাসকলৰ সহায়ক হোৱাকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ৷ দেওবাৰে ত্ৰিপুৰাৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতন লাল নাথে প্ৰকাশ কৰে এই কথা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.