ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 22, 2020, 1:06 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

বিহাৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি নামিল ভেকচিনৰ ৰাজনীতিত

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি নিয়োজিত হৈছে ভেকচিনৰ ৰাজনীতিত ৷ যিটো সময়ত সমগ্ৰ বিশ্বই কোভিডৰ ভেকচিনৰ বাবে যুঁজি আছে, এনে অৱস্থাত একমাত্ৰ নিৰ্বাচনত জয়লাভৰ বাবে বিজেপিয়ে বিহাৰতে একমাত্ৰ ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰা কাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ বিজেপিয়ে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰি এই কথা প্ৰকাশ কৰিছে ৷

আমেৰিকাক প্ৰয়োজন ৰাইজৰ মৰ্যাদা বুজি পোৱা ৰাষ্ট্ৰপতি : কমলা হেৰিছ

ডেম'ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক কোভিড-19 আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে সমালোচনা কৰে ৷

পূজাৰ বতৰতো চকু সেমেকা টেণ্ট হাউচৰ স্বত্বাধিকাৰীৰ

শাৰদীয় দুৰ্গোৎসৱতো আৰ্থিক লগ এৰা নাই টেণ্ট হাউচ আৰু শব্দ যন্ত্ৰৰ স্বত্বাধিকাৰী তথা কৰ্মীসকলক ৷ ক’ভিড প্ৰট’কল মানি পূজাৰ আয়োজন কৰাৰ বাবে পূৰ্বৰ দৰে অৰ্ডাৰ লাভ কৰা নাই স্বত্বাধিকাৰীসকলে ৷ সেয়েহে মূৰে-কপালে হাত দিয়ে এইসকল দুৰ্ভগীয়া ব্যৱসায়ীয়ে ৷

বাক্সাত ইউপিপিএলৰ পদযাত্ৰা

বাক্সাত ইউ পিপি এল দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰম্ভ হয় পদযাত্ৰা ৷ বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে বিভিন্ন পৰিষদীয় সমষ্টিৰ গাঁৱে-গাঁৱে পদযাত্ৰা কৰি আছে ৷ বুধবাৰৰ পৰা আৰম্ভ হয় এই পদযাত্ৰা ৷

চৰকাৰী আঁচনিত দুৰ্নীতিৰ বিৰোধিতা কৰি আটক দুই যুৱক

বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ কামৰ ৰূপায়নত নিম্নমানৰ কাম । পঞ্চায়তত ভেণ্ডৰে অতি নিম্নমানৰ কাম কৰাৰ বিৰোধ কৰাৰ বাবে দুই যুৱকৰ বিৰুদ্ধে এজাহাৰ ৷ জেললৈ প্ৰেৰণ ৷

অৰুণোদয় আঁচনিৰ বিৰুদ্ধে সৰৱ সন্মিলিত যুৱ বিকাশ অসম

ধেমাজিত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ ৷ চমৰাজান পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে বুধবাৰে লিখিত অভিযোগ দাখিল সন্মিলিত যুৱ বিকাশ অসমৰ ৷ শীঘ্ৰেই প্ৰকৃত হিতাধিকাৰীক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান সংগঠনটোৰ ৷

ছমাহৰ অভিযানৰ অন্তত নিৰাপদে পৃথিৱীত উপস্থিত নাছাৰ তিনি মহাকাশচাৰী

নাছাৰ মহাকাশচাৰী Chris Cassidy,Roscosmos' Anatoly Ivanishin আৰু Ivan Vagnerয়ে International Space Stationৰ ছমাহ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত বৃহস্পতিবাৰে পুৱা 7.54 বজাত নিৰাপদে পৃথিৱীত প্ৰৱেশ কৰে ৷

ৱাকফ বোৰ্ডৰ সম্পত্তিক লৈ সংবাদমেল অসম গৰিয়া পৰিষদৰ

বিগত কেইবা বছৰ ধৰি ৱাকফ বোৰ্ডৰ ৰাজহ সংগ্ৰহত গুৰুত্ব প্ৰদান কৰা নাছিল বোৰ্ডে। পূৰ্বৰ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ দিনটো ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বহু খেলিমেলি হৈছিল।

ডিমৌ নৈত সমূহীয়া মৎস্য চিকাৰ ৰাইজৰ

মৰাণৰ ডিমৌ নৈত মাছৰ উজান ৷ এক আনন্দ-উল্লাহেৰে গাঁওবাসীয়ে নৈত নামি মাছ ধৰা পৰিলক্ষিত হৈছে ৷

যোৰহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ

যোৰহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ স্থানীয় ৰাইজে মেটেকাৰে আৱৰা পুখুৰীৰত এটাত প্ৰত্যক্ষ কৰে মৃতদেহটো |

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.