ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 1 pm

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 pm
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 15, 2020, 1:11 PM IST

এয়াৰ ইণ্ডিয়া তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন

ৰাজ্যসভাৰ সাংসদ বিনয় বিস্যামলৈ প্ৰেৰণ কৰা এক পত্ৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে অতিৰিক্ত ব্যয় হোৱাৰ পিছতো জৰুৰীকালীন সময়ছোৱাত এয়াৰ ইণ্ডিয়াৰ এগৰাকীও কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰাৰ বিষয়ে ইংগিত প্ৰদান কৰিছিল ৷ এই প্ৰসংগত পুৰীয়ে কয় এল ডব্লিউ পি আঁচনিৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলক বেতন অবিহনে পৰৱৰ্তী সময়ত ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

মহাৰাষ্ট্ৰত সৰ্বাধিক 15,54,389 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছৰ দ্বাৰা ৷ আক্ৰান্তসকলৰ ভিতৰত আৰোগ্য লাভ কৰিছে 13,16,769 গৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বৰ্তমান 1,96,761 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধত আক্ৰান্ত হৈ থকাৰ বিপৰীতে বৰ্তমানলৈকে মৃত্যুক সাৱটি লৈছে 40,859 গৰাকীয়ে ৷

মহিলা আৰক্ষী ধৰ্ষণ কাণ্ড: অভিযুক্ত চিডিআইক গ্ৰেপ্তাৰৰ দাবী

2 অক্টোবৰত গোলাঘাটৰ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত মহিলা আৰক্ষী বিষয়াক মহাবিদ্যালয়খনৰ চিডিআই বচন সিঙে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ ৷ অভিযুক্ত সিঙক শাস্তিৰ দাবী জনাইছে মহিলা আৰক্ষী গৰাকীয়ে ৷

ধনদা পাঠকলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

বৰপেটা ৰত্ন, বিশিষ্ট শিল্পী-সাহিত্যিক গোকুল পাঠকৰ বুধবাৰে 95 জন্মদিন পালন কৰা হয় ৷ সেই উপলক্ষে আয়োজিত অনুষ্ঠানত ধনদা পাঠকক প্ৰদান কৰা হয় লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা ৷

পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ

অসম প্রদেশ কংগ্রেছৰ সম্পাদক দিলোৱাৰ হুছেইনৰ ঘৰত পৰকীয়া প্ৰেম ৷ ভতিজাকৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ পলাই গ’ল পত্নী শ্বাহনাজ ৷ ঘটনাক লৈ দিলোৱাৰ হুছেইন আৰু নিজ ভাতৃ নাইম উদ্দিনৰ মাজত তীব্ৰ বাক-বিতণ্ডা ৷

সাপ সংৰক্ষণ সন্দৰ্ভত সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ সজাগতা সভা

বুধবাৰে বিলাসীপাৰাত সাপ উদ্ধাৰ আৰু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ ৷ সভাত সাপ কিয় সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

আজি ভাৰতৰ ‘মিছাইল মানৱ’ খ্যাত ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী ৷ জন্মদিন উপলক্ষে সমগ্ৰ দেশে শ্ৰদ্ধাৰে স্মৰণ কৰিছে মিছাইল মানৱ গৰাকীক ৷

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক

চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি আত্ন নিৰ্ভৰ হোৱাৰ সংগ্ৰামত ব্ৰত কোকৰাঝাৰৰ এগৰাকী যুৱক ৷ বলিত বৰুৱা নামৰ যুৱকগৰাকীয়ে পাৰিজাত অৰ্গেনিক অৱেষ্টাৰ মাছৰুম ইউনিট নামৰ এখন কাঠফুলা ফাৰ্ম গঢ়ি তুলি বছৰেকত উপাৰ্জন কৰিছে লক্ষাধিক টকা ৷

দ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

প্ৰতিৰক্ষা আৰু সুৰক্ষা,বাণিজ্য আৰু প্ৰৱাসন আৰু আধুনিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা ভাৰত-পৰ্তুগালৰ ৷ বুধবাৰে এক ভাৰ্চুৱেল দ্বি-পাক্ষিক বৈঠকযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পৰ্তুগীজ সমকক্ষ আগষ্ট’ চ্যাণ্টোচ চিল্ভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

বৰপেটাত মাৰণাস্ত্ৰসহ এজন গ্ৰেপ্তাৰ

চিৰাং জিলাৰ চিদলীৰ সমীপৰ মাজবাৰী গাঁৱৰ ছাইফুদ্দিন দেৱান (41) ৷ লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.