বৰখলাত সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাৰ বিজেপিত যোগদান
প্ৰায় 70 গৰাকী সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাই কাছাৰৰ বৰখলাত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷ বিধায়ক কিশোৰ নাথৰ কাম-কাজৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে এই দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ক'ভিড-19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ
ক'ভিড-19 ৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখা পোৱা গ'ল নাও খেলৰ প্ৰতিযোগিতাত ৷ লক্ষণীয়ভাৱে সহস্ৰাধিক লোকৰ উপস্থিতিত উত্তৰ কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব ৷ লগতে কোনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু তাৰ মাজতো বিধায়ক গৰাকীয়ে উদ্বোধন কৰে পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতাখনি ৷
মাস্ক, গ্লোভচ অবিহনে নিয়োজিত হৈছে চাফাই কৰ্মচাৰী
মৰিয়নীত নগৰখনৰ চাফাই কৰ্মচাৰী সকলে মাস্ক আৰু গ্লোভচৰ অবিহনে কৰিব লগা হৈছে নগৰ চাফা । ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিহ্নিত চাফাই কৰ্মী সকলৰ প্ৰতি যেন নাই মৰিয়নী পৌৰসভাৰ সামান্যত্বম দায়িত্বও ৷
বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ
মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম কমপ্লেক্সত তৈয়াৰ হ'ব একোটাকৈ অত্যাধুনিক জিমনেচিয়াম আৰু অভ্যৰ্থনা কক্ষ্য । সোমবাৰে সমাপন কৰা হয় এই প্ৰকল্প দুটাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ ।
নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান
বাঘজানত উত্তপ্ত পৰিস্থিতি । সংবাদ মাধ্যমৰ আগত ভাষ্য দি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াই গতিয়ালে বাঘজানৰ যুৱকক ৷
CAA, EIA বাতিলৰ দাবীত কাকপথাৰত আছুৰ জোঁৰ সমদল
সদৌ অসম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিকৰ উদ্যোগত সোমবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত জোৰ সমদলৰ এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়িত কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বাতিল , ই আই এ 2020ৰ খচৰা বাতিলৰ দাবীত কাকপথাৰত এই জোৰ সমদল কাৰ্যসুচী গ্ৰহণ কৰা হয় ৷
চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা
7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷
এক আবেগিক পৰিবেশত চিত্তৰঞ্জন বসুমতাৰীৰ বিদায় অনুস্থান
সদৌ অসম ছাত্র সন্থাৰ ধেমাজি জিলা পৰিষদৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে বিদায় দিলে একালৰ সতীৰ্থ তথা জেষ্ঠ নেতা চিত্তৰঞ্জন বসুমতাৰীক ৷ আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থকা এই বিদায় অনুস্থানত জ্যেষ্ঠ সকলৰ চৰণ চুই সেৱা লোৱাৰ লগতে সকলোৰে লগত আলিংগন কৰি উচুপি উঠিল আছুৰ সদ্য বিদায়ী জেষ্ঠ নেতাজন ।
লাডাখত ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন কিৰেণ ৰিজিজুৰ
লাডাখত প্ৰায় 12 কোটি টকা মূল্যৰ বহুকেইটা ক্ৰীড়া আঁচনিৰ আধাৰশিলা স্থাপন ৷ উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু ৷
বাঘ, হাতীৰ সংৰক্ষণৰ বাবে উড়িশালৈ কেন্দ্ৰৰ 35 কোটি
2019-21 চনৰ কেন্দ্ৰীয় আঁচনিৰ অধীনত বাঘ আৰু হাতীৰ সংৰক্ষণৰ বাবে উড়িশালৈ 35 কোটি টকাৰ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে ৷ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰে এই কথা ৷