ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 15, 2020, 1:00 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি

জজ খেলপথাৰত মুখ্যমন্ত্ৰী সোণোৱালৰ পতাকা উত্তোলন

জজ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পুৱা 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন 74 সংখ্যক স্বাধীনতা দিৱস

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সেই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে দিৱসটো ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সীমিত সংখ্যক কাৰ্যসূচীৰে এইবৰ্ষৰ স্বাধীনতা দিৱসটো পালন কৰা হৈছে ৷

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত শনিবাৰে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত স্পষ্টীকৰণ দিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে নাজিৰাত আছুৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে স্বাধীনতা দিৱসৰ দিনটোতে নাজিৰাত 10 ঘণ্টীয়া অনশনত বহিল নাজিৰা মহকুমা ছাত্ৰ সন্থা ৷

অনুষ্টুপীয়া কাৰ্যসূচীৰে বিলাসীপাৰা আৰু আমিনগাঁৱত পালন স্বাধীনতা দিৱস

বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যত বিলাসীপাৰাৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত কৰা হ'ল স্বাধীনতা দিৱস ৷ আনহাতে আমিনগাঁৱৰ জলাহ খেল পথাৰতো পালন কৰা হ'ল স্বাধীনতা দিৱস ৷ বিলাসীপাৰাত মহকুমাধিপতি মৃদুল যাদৱে পতাকা উত্তোলন কৰাৰ বিপৰীতে আমিনগাঁৱত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৷

শিৱসাগৰ জিলাত উদযাপন 74 তম স্বাধীনতা দিৱস

শিৱসাগৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে নাজিৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে ৷

দেশজুৰি পালন 74 সংখ্যক স্বাধীনতা দিৱস

আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাজধানী দিল্লীত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ক্ষন্তেক পিছতে ৰাজঘাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷

ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডঃ বেদাংগ তালুকদাৰে ৷

স্বাধীনতা দিৱসৰ পুৱা টীয়কত ক'ভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী

টীয়কত স্বাধীনতা দিৱসৰ পুৱা কভিড-১৯ আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী ৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক বঁটা প্ৰদানৰ লগতে সকলো অংশগ্ৰহণকাৰীকে প্ৰদান কৰা হয় মানপত্ৰ ৷

কৰিমগঞ্জত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কৰিমগঞ্জত সীমিত কাৰ্যসূচীৰে পালন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.