ETV Bharat / state

এক বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 1 PM

এক বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Jul 9, 2020, 1:01 PM IST

জম্মু-কাশ্মীৰত 6 খন সেঁতুৰ উদঘাটন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

জম্মু-কাশ্মীৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছয়খন সেঁতু মুকলি কৰিব ৷ ইয়াৰে চাৰিখন আখনুৰ ছেক্টৰ আৰু দুখন জম্মু-ৰাজপুৰা অঞ্চলত ৷ এই সেঁতুকেইখন নিৰ্মাণত ব্য়য় হৈছে প্ৰায় 45 কোটি টকা ৷

কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ

কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক বৃহস্পতিবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে ৷ মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুবেক ৷

তিনিচুকীয়াৰ লেখাপানীত আইইডি উদ্ধাৰ

বৃহস্পতিবাৰে পুৱাই দলঙৰ ৰেলিঙৰ পলিথিন বেগত ওলমাই থোৱা অৱস্থাত দিনজানৰ বোমা বিশেষজ্ঞ দলে উদ্ধাৰ কৰে IED টো ৷ ইতিমধ্যে সেনা-আৰক্ষীয়ে বন্ধ কৰি দিছে লেখাপানীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ।

কোভিড-১৯ ত আক্ৰান্ত বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ দুগৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতা কোভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে । সম্প্ৰতি মহানগৰীৰ পানবজাৰস্থিত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে দুয়োগৰাকী নেতা ।

ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মহিলা

ব্ৰহ্মপুত্ৰত নিখোজ মাজুলীৰ এগৰাকী মহিলা ৷ যোৰহাটৰ নিমাতি ঘাটৰ পৰা সন্ধিয়া মাজুলীলৈ ফেৰী ভাড়া কৰি লৈ আহি থাকোতে ফেৰীৰ পৰা পানীত পৰি নিখোজ হয় মহিলাগৰাকী । মাজুলীৰ অফলামুখত 'মা' নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন ৷

জীৱন যুঁজত হাৰ মানিলে শিল্পী ঋষভ দত্তই

অকালতে হেৰাই গ’ল এক প্ৰতিভাৱান কণ্ঠৰ অধিকাৰী ৷ নিয়তিৰ ওচৰত অৱশেষত হাৰ মানিলে তিনিচুকীয়াৰ ঋষভ দত্ত নামৰ কিশোৰ শিল্পীগৰাকীয়ে ৷

আৰোগ্য় হৈ উঠিল আৰ্থাৰ কাৰাগাৰৰ 177 ক'ভিড-19 কাৰাবন্দী

মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ক'ভিড-19 পজিটিভ 181 গৰাকী কাৰাবন্দীৰ 177 গৰাকীয়ে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৷ কাৰাগাৰত 181 গৰাকী ক'ভিড-19 পজিটিভ ৰোগীৰ 1 গৰাকী বৰ্তমানে আৰোগ্য হৈ উঠা নাই বুলি জানিবলৈ দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই ৷ অন্য 177 গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈছিল যদিও বৰ্তমান সুস্থ হৈ উঠিছে ৷ আনহাতে, 3 গৰাকীৰ ৰোগীৰ ফলাফল বৰ্তমানলৈ অহা নাই ৷

সন্ত্ৰাসবাদী আক্ৰমণত নিহত কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি

কাশ্মীৰৰ বন্দিপুৰাৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৱাছিম বাৰীৰ বুধবাৰে বিয়লি সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হয় ৷ ৱাছিম বাৰীৰ লগতে পিতৃ শ্বেখ ৱাছিম আহমেদ আৰু পুত্ৰৰো একেটা আক্ৰমণৰ ঘটনাত মৃত্যু হয় ৷

বাংগালুৰুত সক্ৰিয় COVID-19 কন্টেইনমেন্ট জ'নৰ সংখ্যা 3,181 লৈ বৃদ্ধি

বুধবাৰে বাংগালুৰুত COVID কন্টেইনমেন্ট জ'নৰ সংখ্যাই 3 হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৷ কৰ্ণাটকৰ মুঠ সক্ৰিয় ঘটনাৰ 60 শতাংশ কেৱল বাংগালুৰুৰ ৷

খেলপথাৰলৈ উভতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ৰোহিত, ৰাহানেই

আৰম্ভ হ'ল আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷ ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজৰ মাজত কৰ'ণা ভাইৰাছৰ পাচত প্ৰথমখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.