ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jul 6, 2020, 1:09 PM IST

বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন!

নোনা নৈৰ ওপৰত নাই এখন দলং। প্ৰতিবছৰে ৰাইজে গাঠিৰ ধন ভাঙি একোখন বাঁহৰ দলং সাজে যদিও নৈখনৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙখন। এইবছৰ কিছুদিন পূৰ্বে দলংখনৰ এটা অংশ নৈৰ পানীয়ে উটুৱাই নিয়াত হাহাকাৰ হৈছে নৈপৰীয়া ৰাইজৰ ।

কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

মহানগৰীৰৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিনে বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ গগৈৰ দেহত সম্প্ৰতি দেখা দিছে কৰ’ণা ভাইৰাছৰ লক্ষণে ৷ অসুস্থ নেতাগৰাকীক চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰ নতুবা কাৰাগাৰ কৰ্তৃপক্ষই ৷

অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

চলিত বানত ৰাজ্যৰ মুঠ 28 খন জিলাৰ 94 টা ৰাজহ চক্ৰৰ 25,62,343 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানৰ কৱলত পৰিছে মুঠ 1,68,453.28 হেক্টৰ কৃষিভূমি ৷

কানপুৰ এনকাউণ্টাৰঃ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন

৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত জড়িত থকাৰ অভিযোগত উপ-পৰিদৰ্শকসহ তিনিজনক নিলম্বন । এই ঘটনাত জড়িত অপৰাধীৰ সৈতে যোগাযোগ আছিল তিনিওগৰাকী আৰক্ষীৰ লোকৰ ।

কুৱেইটৰ ৮ লাখ প্ৰবাসী ভাৰতীয়ই এৰিব লাগিব পাৰে চহৰখন

কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটিয়ে দেওবাৰে ৰাষ্ট্ৰখনত থকা ৮ লাখ ভাৰতীয়ক গৃহ ৰাষ্ট্ৰলৈ উভতি আহিবলৈ অনুমতি প্ৰদান কৰে । কুৱেইটৰ স্থানীয় সংবাদ মাধ্য়ম গল্ফ নিউজত প্ৰকাশ পাইছে এই কথা ।

ৰুছক পিছ পেলাই কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষত ভাৰত

সমগ্ৰ বিশ্বৰ ভিতৰতে ৰুছক পিছ পেলাই মহামাৰী কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষস্থান দেশ হিচাপে চিহ্নিত হ'ল ভাৰতবৰ্ষ । Worldometerৰ তথ্য অনুসৰি,আমেৰিকা আৰু ব্ৰাজিলৰ পাচতে কৰ'ণাত আক্ৰান্তৰ ক্ষেত্ৰত দেওবাৰে ভাৰত তৃতীয় শীৰ্ষত থকা বুলি সদৰি কৰে ।

জনতা ভৱনত কৰ'ণাৰ হাতোৰাঃ কেইবাটাও বিভাগ বন্ধ ঘোষণা

ইতিমধ্যে ৰাজভৱনৰ দুজনকৈ বিষয়াৰ শৰীৰত ক'ভিড19ৰ সংক্ৰমণ ধৰা পৰাত ৰাজভৱনক কন্টেইমেন্ট জ'ন ঘোষণা কৰা হৈছে । জনতা ভৱনৰো কেইবাজনো বিষয়া-কৰ্মচাৰীৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰাৰ বাবেই শেহতীয়াকৈ বহুকেইটা বিভাগ বন্ধ কৰি দিয়া হৈছে ।

দক্ষিণ কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিলামবজাৰৰ যাত্ৰাপুৰৰ পৰা ভৰিবন্দলৈকে যোৱা পথৰ নিৰ্মাণৰ কামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । পথটো নিৰ্মাণৰ তিনিমাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টেপিং। নিম্নমানৰ কাম হোৱাৰ বাবে পথটোৰ আৰম্ভণিৰ প্ৰায় 50 মিটাৰ অংশ খহি যোৱাৰ লগতে নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰত উঠিব ধৰিছে ব্লেক টেপিং ।

গোলাঘাটত নিশা ছয়খন বিলাসী বাহনত আক্ৰমণ দুৰ্বৃত্তৰ

গোলাঘাটত দেওবাৰে নিশা দুৰ্বৃত্তই ক্ষতিসাধন কৰে ছয়খন বিলাসী বাহন । গোলাঘাট নগৰৰ দুমহলীয়া গাড়ী আস্থানত ৰখাই থোৱা বিলাসী বাহনকেইখন ক্ষতিসাধন কৰে অচিনাক্ত দুৰ্বৃত্তই ।

COVID 19ত আক্ৰান্ত হৈ মৃত্যু জেষ্ঠ বিজেপি নেতা ৰাম অৱতাৰ ভগতৰ

ৰাম অৱতাৰ ভগতৰ শেষকৃত‍্য অনুষ্ঠানত হোজাইৰ বিজেপি বিধায়ক শিলাদিত‍্য দেৱ উপস্থিত থাকি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.