কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ
কৰিমগঞ্জত বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ নেতৃত্বত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ প্ৰতিবাদী দলটোৱে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
কানপুৰ এনকাউণ্টাৰৰ ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ
কানপুৰত ৮ গৰাকী আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰা ঘটনাত শোকপ্ৰকাশ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ । আনহাতে,এই ঘটনা অত্যন্ত দুখঃজনক,লজ্জাজনক তথা দুৰ্ভাগ্যজনক বুলি মন্তব্য বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়াৱতীৰ ।
কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত শোক প্ৰকাশ বলীউড জগতৰ
বলিউডৰ বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ দেহৱসান । বৰ্ষীয়ান কৰিঅ'গ্ৰাফাৰ গৰাকীৰ মৃত্য়ুত শোক প্ৰকাশ বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিৰ । টুইটাৰযোগে নিমৰত কৌৰ, আশীষ বিদ্যাৰ্থী আৰু কুণাল কোহলীয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে সৰোজ খানলৈ ।
কৃত্ৰিম বানত বুৰিছে পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চল
শুকুৰবাৰে অহা এজাক বৰষুণতে কৃত্ৰিম বানে বুৰাইছে পূৱ বিলাসীপাৰাৰ চাপৰৰ বিস্তৰ অঞ্চল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,নগৰ খনত নাই কোনো পানী ওলাই যাব পৰা নলাৰ ব্যৱস্থা ৷
তেলেংগানাত ৩ গৰাকী আৰক্ষী বিষয়া কৰ'ণা মুক্ত,পুনৰ নিয়োজিত ফায়াৰিং ৰেঞ্জত
তেলেংগানাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । কিন্তু তাৰ মাজতে কৰ'ণা মুক্ত হৈ বৃহস্পতিবাৰে পুনৰ কৰ্মত নিয়োজিত হয় তিনিগৰাকীকৈ আৰক্ষী বিষয়া । লগতে কংগ্ৰেছৰ এজন বৰ্ষীয়ান নেতা আৰু প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ভি হানুমন্থা ৰাও কৰ'ণা মুক্ত বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ।
নাবালিকা ধৰ্ষণৰ অভিযোগত বৰপেটাত গ্ৰেপ্তাৰ এজন
বৃহস্পতিবাৰে নাবালিকা ধৰ্ষণৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰমুজ আলী নামৰ এজন লোকক । অভিযোগ অনুসৰি, বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ হৰমুজ আলীৰ কামনাৰ বলি হৈছিল এগৰাকী আঠ বছৰীয়া নাবালিকা ।
কানপুৰত তালাচী অভিযানত যোৱা 8 আৰক্ষী জোৱানক গুলীয়াই হত্যা
শুকুৰবাৰে পুৱতি নিশা কানপুৰত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা ৷ তালাচীৰ বাবে যোৱা এজন চক্ৰ বিষয়াসহ আঠজন আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰে স্থানীয় অপৰাধী আৰু দলে ৷
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ
শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত নিশা প্ৰায় 2 বজাত সোনাই-ৰূপাই অভয়াৰণ্যখনৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে ।
ইএম খনছিং ৰংপিৰ বিৰুদ্ধে ছাত্ৰ নেতাক দুৰ্ব্যৱহাৰৰ অভিযোগ
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে জিলাখনৰ কেএছএ, কেএছৱাইচি, কেএফএ আৰু কেএনএই সংগঠনকেইটা ৷
বিশ্বকাপৰ ফিক্সিং সন্দৰ্ভত ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা
বিশ্বকাপ,2011 ৰ ফাইনেলত ফিক্সিং সম্পৰ্কত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা ৷ তেওঁৰ পূৰ্বে অৰবিন্দ ডি ছিলভা আৰু উপুল থাৰংগাৰ জবান-বন্দী লোৱা হৈছে ৷