ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jul 1, 2020, 12:55 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক

লক ডাউনৰ ফলত ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত পৰিছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱক । জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ মানসৰে ৫ টকা সুতত ঋণ লৈ প্ৰায় একবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ খেতি ।

এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বাঢ়নী পানীৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত থকা ওখ স্থান সমূহ প্ৰায় পানীত বুৰ গৈছে ৷ যাৰাবাবে ওখ স্থান বিচাৰি বন্যপ্ৰাণীসমূহে অন্যস্থানলৈ ঢাপলি মেলিছে ৷

এম আই -১৭ হেলিকপ্টাৰৰ বিশেষ পৰীক্ষা বায়ুসেনা বাহিনীৰ

বৈজ্ঞানিক পদ্ধতিৰ নতুন কীটনাশক দ্ৰব্য শস্য পথাৰত ব্যৱহাৰ কৰাৰ বাবে এক বিশেষ পৰীক্ষা সম্পন্ন কৰে বায়ুসেনাৰ এখন এম আই ১৭ হেলিকপ্টাৰৰে ৷ প্ৰথম বাৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এই বিশেষ পদ্ধতি প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে ভাৰতত ।

অষ্ট্ৰেলিয়াৰ মাটিত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ ৰোহিতৰ যোগ্যতা আছে : হাছী

আগন্তুক ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজ সম্পৰ্কত মাইক হাছীৰ মন্তব্য ৷ ভাৰতৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ 'যোগ্যতা আৰু মেজাজ' আছে বুলি মন্তব্য কৰে হাছীয়ে ৷

ধিঙত পিষ্টলসহ সজীৱ গুলি উদ্ধাৰ

নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযান ৷ ধিঙৰ জেঙনিৰ পৰা জব্দ কৰিলে এটা 38 পিষ্টলসহ আঠজাঁই সজীৱ গুলি । ঘটনাৰ সৈতে জড়িত নুৰ ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

দেশত কৰ'ণা ভাইৰাছ আৰোগ্যৰ হাৰ প্ৰায় 60%

দেশত কৰ'ণা ভাইৰাছ আৰোগ্যৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যসমূহৰ যৎপৰোনাস্তি চেষ্টাৰ ফলতেই দেশৰ প্ৰায় 60 শতাংশ কৰ'ণা ৰোগী আৰোগ্য হৈ উঠিছে ৷

নগাঁৱত নিশাৰী নৈৰ সংহাৰী ৰূপঃ জলমগ্ন বহু গাঁও

নিশাৰী নৈৰ বাঢ়নী পানীয়ে একে নিশাই বুৰাই পেলালে কামপুৰ আৰু কঠিয়াতলী মৌজাৰ বৃহৎ অঞ্চল । কঠিয়াতলী মৌজাৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজৰ ঘৰৰ ভিতৰত এতিয়া পানী।

ছয়গাঁৱত এজনৰ দেহত কৰণা পজিটিভ

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণ । কামৰূপ জিলাৰ ছয়গাঁৱতো মঙলবাৰে নিশা পুনৰ এজন দেহত কৰ'ণা পজিটিভ ধৰা পৰে। ছয়গাঁৱৰ বাহজানী-কন্দলপাৰাৰ ৫৭ বছৰ বয়সৰ অনিত কলিতা নামৰ লোকজনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ ।

COVID-19: মুম্বাইত চৰকাৰী কৰ্মচাৰীৰ বাবে বৃদ্ধি ৰে'ল সেৱা

মহাৰাষ্ট্ৰৰ চৰকাৰে বিভিন্ন কেন্দ্ৰীয় কৰ্মচাৰী তথা চৰকাৰী কাৰ্যালয়,প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰীসকলৰ বাবে স্থানীয় ৰে'ল সেৱা আগবঢ়োৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কৰা অনুমতি মঞ্জুৰ কৰে ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে । মুম্বাইত এই কৰ্মচাৰীসকলৰ বাবে বুধবাৰৰ পৰা ১৫০ খন ৰে'ল সংযোগ কৰিব বুলি সদৰি কৰে ৰে'ল মন্ত্ৰী গৰাকীয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানঃ সষ্টম বনৰক্ষী

বানৰ কঠিন সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱ-কূলক সুৰক্ষা দিবলৈ সষ্টম ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সাজু বন বিভাগ,বোকাখাট আৰু কলিয়াবৰ মহকুমা প্ৰশাসন,আৰক্ষী প্ৰশাসন,গাঁওৰক্ষী বাহিনী,ইক ডেভেলপমেণ্ট কমিটি,স্বেচ্ছসেৱী সংস্থা তথা উদ‍্যানখনৰ দাঁতি-কাষৰীয়া বাসিন্দাসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.