ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 at 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 at 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 17, 2020, 1:00 PM IST

ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ধুবুৰী গৌৰীপুৰত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ । অভিযানত নিচাজাতীয় সামগ্ৰী সহ আটক কৰে এজনক ।

অভিনেতা সুশান্ত সিং ৰাজপুতক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ

অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে তেওঁৰ কৰ্মৰাজীৰ ন ন তথ্য পোহৰলৈ আহিছে । ২০১৮ চনত নাগালেণ্ডত হোৱা বানপানীত অভিনেতা সুশান্তে ১.২৫ কোটি টকা সাহাৰ্য হিচাপে প্ৰদান কৰে বুলি চ'ছিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে লেখক-নিৰ্দেশক চাৰুদত্ত আচাৰ্যই । লগতে কেৰালাৰ বানতো ১.২৫ কোটি টকাৰ সামগ্ৰী প্ৰদান কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে ।

ক্ৰমাৎ তীব্রতৰ ৰকিবুল-প্ৰদ্যুতৰ যুঁজ

সন্মুখ সমৰত দুই ৰাজনৈতিক নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ৷ দুয়োগৰাকী নেতাৰ মাজত থকা সংঘাতে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ সাংসদ বৰদলৈয়ে পূৰ্বে প্ৰদান কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মন্ত্ৰী হুছেইনে । দলীয় কৰ্মীক চেলা-চামুণ্ডা আখ্যা দিছিল সাংসদ গৰাকীয়ে ৷

কামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিবাদ

বুধবাৰে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ অভিযোগ, তেওঁলোকক থাকিবলৈ দিয়া কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত মানি চলা হোৱা নাই কোনো ধৰণৰ চৰকাৰী নীতি-নিয়ম ৷

আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰা নহয় : উচ্চতম ন্যায়ালয়

হানামকোণ্ডাৰ কুমাৰপল্লীস্থিত ঘৰৰ পৰা 9 বছৰীয়া শিশুটিক লৈ গৈ ধৰ্ষণ আৰু হত্যা কৰিছিল প্ৰবীণে ৷ ঘটনাৰ কিছু ঘন্টাৰ পাচতে শিশুটিৰ পৰিয়ালৰ লোকে প্ৰবীণক ধৰিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যেই শিশুটিৰ মৃত্যু হৈছিল ৷

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ পুনৰ সম্পন্ন হ'ব কোভিড-১৯ পৰীক্ষা

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মঙলবাৰে কোভিড-১৯ৰ পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পিছত বুধবাৰে পুনৰ পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে ।

লাডাখত শ্বহীদ হোৱা সেনালৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে লাদাখৰ গালৱান উপত্যকাত মঙলবাৰে ভাৰত-চীন সেনাৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ২০ গৰাকী ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আজি ১৫ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

লক ডাউনৰ শিথিলতাৰ পাচতে দ্ৰুত গতিত বৃদ্ধি পোৱা মহামাৰী কৰ'ণা সন্দৰ্ভত ১৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালৰ সৈতে বুধবাৰে ভিডিঅ' কনফাৰেঞ্চযোগে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ঐতিহ্যমণ্ডিত নুমলীকুঁৱৰী গঁড়ত ONGC ৰ বুলডজাৰঃ দল-সংগঠনৰ প্ৰতিবাদ

গোলাঘাটত অইল ইণ্ডিয়াৰ পাইপ স্থাপনৰ বাবে আৰম্ভ কৰা খনন কাৰ্যই সংকট নমাই আনিছে, বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰীৰ গড়ৰ লগতে সেই স্থানতে থকা হস্তী দণ্ডীলৈ ৷

বৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান

বৰপেটা চহৰত এসপ্তাহ ধৰি বন্ধ হৈ আছে পৌৰসভাৰ পানী যোগান ৷ ডেৰ বছৰলৈ বন্ধ হৈ থকাৰ আশংকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.