প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি
বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে দেশত বৃদ্ধি হৈছে এই মূল্য । বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৫ পইচাকৈ বৃদ্ধি পায় প্ৰতিলিটাৰ ডিজেলৰ মূল্য ।
মহানগৰীত পিপিই কিট আতংক
গুৱাহাটী মহানগৰীত পুনৰ পিপিই কিটৰ আতংক । মহানগৰীৰ উলুবাৰীত বিগত দুদিনে পৰি ৰৈছে এটা পিপিই কিট । আৰক্ষী-প্ৰশাসনৰ সময় নাই পিপিই কিটতো আঁতৰাই নিবলৈ ৷ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ ৷
OIL ৰ দুই নিখোজ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
বাঘজান তৈল খাদত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাৱটি লোৱা দুই OIL ৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ মৃত কৰ্মচাৰী দুজন হৈছে দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোঁহাই ৷ বিস্ফোৰণৰ সময়ত কৰ্তব্যৰত আছিল কৰ্মচাৰী দুজন ৷
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ শিমুলবাৰীত আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত জব্দ হয় প্ৰায় 5 লক্ষাধিক মূল্য়ৰ নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষীয়ে সামগ্ৰী খিনি জব্দ কৰাৰ লগতে, ৰবিউল ইছলাম নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
জম্মু কাশ্মীৰ সংঘৰ্ষ: নিহত দুই পাকিস্তানী সন্ত্ৰাসবাদী
জম্মু কাশ্মীৰৰ চোপিয়ান জিলাৰ চুগুত পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত যুদ্ধ আৰম্ভ । গুলীয়াগুলিত নিহত হয় দুই পাকিস্তানী সন্ত্ৰাসবাদী ।
কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
তিনিচুকীয়া বাঘজানৰ তৈলখাদ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । অইল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ গা এৰা মনোভাৱৰ বাবে এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
বকোত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
বকোৰ সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ নিজ ঘৰতে বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হয় লোকজন ৷
মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ
মণিপুৰৰ ৰাজ্যসভাৰ একমাত্ৰ আসনৰ বাবে নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে বিজেপি-কংগ্ৰেছৰ মাজত । আগন্তুক ১৯ জুনত অনুষ্ঠিত হ'ব ভোটদান কাৰ্যসূচী । বিগত ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী COVID-19 প্ৰতিৰোধৰ বাবেই নিৰ্বাচন স্থগিত কৰা হয় বুলি সদৰি কৰে নিৰ্বাচন আয়োগে ।
তিনি হাজাৰ অতিক্ৰম কৰিলে অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই
অসমত পুনৰ 113 গৰাকী লোকৰ দেহত চিনাক্ত ক'ভিড-19 ৷ বৰ্তমানলৈকে অসমত আক্ৰান্ত হৈছে মুঠ 3050 গৰাকী লোক ৷
পৰিয়ালসহ কোৱাৰেণ্টাইন বৰপেটাৰ সাংসদ আব্দুল খালেক
সাংসদগৰাকী তেওঁৰ চাৰিজনীয়া পৰিয়াল সহ মঙলবাৰে দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে আহি বঙাইগাঁৱত উপস্থিত হয় ৷ Covid-19ৰ বাবে চৰকাৰী নিয়ম মতে বাহিৰৰ পৰা অসমলৈ আহিলে যিহেতু কোৱাৰেণ্টাইন হ'ব লাগে, সেয়ে বৰপেটা জিলা প্ৰশাসনে বৰপেটাৰ সাংসদ গৰাকীক কোৱাৰেণ্টাইন হ'বলৈ প্ৰশান্তি ল'জৰ কোঠালি আৱন্টন দিয়ে ৷