ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 14, 2020, 1:00 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি

শ্ৰীনগৰত আৰক্ষীৰ দলক আক্ৰণক অচিনাক্ত সন্তাসবাদীৰ, 2জন আৰক্ষী নিহত

শুকুৰবাৰে পুৱা 9.15 বজাত শ্ৰীনগৰৰ নওগাম বাইপাছৰ কাষত আৰক্ষীৰ দলৰ ওপৰত অতৰ্কিতে গুলিবৰ্ষণ কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ এই আক্ৰমণত দুজনকৈ আৰক্ষী নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে এজন আৰক্ষী ৷

ক'ভিড-19 : দেশৰ শেহতীয়া তথ্য

অসমতো বুধবাৰৰ দিনটোত নতুনকৈ 4,500 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত হৈছে ৷ যিটো নেকি ৰাজ্যত এদিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা ৷ ৰাজ্যত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা প্ৰায় 68.4 শতাংশ ৷

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পদক

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ 'Excellence in Investigation Medal' ঘোষণা ৷ ভাৰতৰ মুঠ 121 জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ বাবে এই বিশেষ পদক ৷

বিদ্যালয়ৰ ভূমিত মছজিদ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি !

মৰিগাঁও জিলাত বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ জিলাখনৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ নাগাবন্ধাৰ একাংশ ৰাইজে এখন বিদ্যালয়ৰ ভূমি বেদখল কৰি মছজিদ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পূব নাগাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰচিদা বেগমে ৷

চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

চিৰাঙত অব্যাহত আছে আই নদীৰ খহনীয়া ৷ নদীখনে জিলাখনৰ কেইবাটাও অঞ্চলত গতি সলনি কৰি বৈ অহাত প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল ৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দন ব্ৰহ্ম আৰু চিৰাঙৰ জিলা উপায়ুক্ত গৌতম তালুকদাৰে বান বিধ্বস্ত উক্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷

সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পত খাদ্য সামগ্ৰী বিতৰণৰ নামত কেলেংকাৰী

বঙাইগাঁৱৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনষ্ঠ গৰ্ভৱতী মহিলা আৰু শিশুৰ মাজত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ ৷ অংগনবাদী কেন্দ্ৰটোৰ এই কাৰ্যৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

কমলা হেৰিছ-এক দক্ষিণ এছীয় প্ৰৱজনকাৰী আমেৰিকাবাসীৰ সপোন

চলিত বৰ্ষৰ জানুৱাৰী মাহত কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰি ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ নিকটতম সহযোগী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এক চিৰস্মৰণীয় মুহূৰ্ত হৈ ৰ’ব ৷

ড্ৰাগছৰ বাবেই হত্যা আত্মীয়ক

আকাশ হুছেইন নামৰ ড্ৰাগছ আসক্ত যুৱকজনক ড্ৰাগছ সেৱন কৰিবৈ বাধা দিছিল মহাক মইনুল হুছেইনে ৷ সেই কথাতেই ক্ৰোধান্বিত হৈ আকাশে মহাকক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক ডকাইত

মৰিগাঁও জিলাৰ জাগীৰোড চহৰৰ এখন আ-অলংকাৰৰ বিপণীত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে ডকাইত ৷ ডকাইতটো মহানগৰীৰ ৰাজেশ মণ্ডল বুলি চিনাক্ত কৰা হৈছে ৷

বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

বাংলাদেশলৈ ভাৰতৰ উচ্চ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে বিক্ৰম কুমাৰ দোৰাইস্বামীক ৷ সম্প্ৰতি তেখেত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.