ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - Top 10 at 1 AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 1 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : May 18, 2022, 10:58 AM IST

বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’লেও শোণিতপুৰত এতিয়াও পানীৰ তলত বহু অঞ্চল

উন্নত হৈছে শোণিতপুৰৰ বান পৰিস্থিতি (Flood situation in Sonitpur gradually improves) ৷ জিলাখনৰ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা, মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ ৷ কেৱল সাধাৰণ লোকৰে নহয়, পশুধনসমূহৰো খাদ্য সংকটৰ সৃষ্টি হৈছে ৷

আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীৰ মাজত ফেৰী সেৱা ৷ অফলামুখ ঘাটৰ লগতে মাজুলীৰ বিভিন্ন ঘাটলৈ ফেৰী সেৱা পুনৰ মুকলি কৰি দিয়াত কিছু সকাহ পাইছে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত 3 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা ।

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান

মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি (Mahapurush Madhabdev Birth Anniversary celebrate at Barpeta) ৷ সুন্দৰীদিয়া সত্ৰই গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে ৷

Murder for Ludu game: হত্যাৰ অভিযুক্ত আফজত আলীক গ্ৰেপ্তাৰ

লখিমপুৰত লুডু খেলৰ কাজিয়াক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ (Murder at Lakhimpur wedding) ৷ এজন যুৱকক ছুৰীৰে হানি হত্যা কৰি পলাতক হৈ আছিল অভিযুক্ত আফজত আলী ৷

ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট

ধলা-শদিয়া দলঙৰ 182 নম্বৰৰ খুঁটাত ফাঁট (Dhola Sadiya bridge cracked) ৷ ধলা-শদিয়া দলংত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । দুদিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি অভিযন্তাৰ ৷

মাজুলী আৰক্ষীয়ে জিম্মাত ল’লে ৰানা পগাগক : বিপদত পৰিব নেকি এছ আই জোনমণি ৰাভা ?

নগাঁও কাৰাগাৰৰ পৰা মাজুলী আৰক্ষীয়ে জিম্মাত ললে এছ আই জোনমণি ৰাভাৰ সৈতে বিয়াৰ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰা প্ৰৱঞ্চণাৰ অভিযুক্ত ৰানা পগাগক (Alleged Fraud Rana Pogag under custody of Majuli police)। মাজুলী আৰক্ষীয়ে জেৰা কৰিব ৰানা পগাগক।

উচ্ছেদিত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল অখিল গগৈ

পুনৰ ৰাজপথৰ প্ৰতিবাদত বহিল অখিল গগৈ ৷ দীৰ্ঘদিনৰ মূৰত মঙলবাৰে ৰাজপথত প্ৰতিবাদকাৰীৰ সৈতে বহিল অখিল গগৈ ৷ গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদত(Eviction drive at Silsaku beel) গৃহহাৰা হোৱা লোকসকলৰ সৈতে প্ৰতিবাদত বহি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়কগৰাকী ৷

৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব গৃহ আবণ্টন পত্ৰ, প্রথম কিস্তিৰ পুঁজি

১৯ মে'ত যোৰহাটত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি (Beneficiary to get home allotment letter and first instalment)। উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং । ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৭৭৩৯.৫ কোটি টকা ।

Fake certificates for police recruitment: ৪১৪ গৰাকী প্ৰাৰ্থীক চিআইডিৰ তলব

মঙলবাৰে উলুবাৰীস্থিত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হয় অসম আৰক্ষীৰ সদ্য নিযুক্তিৰ প্ৰক্ৰিয়াত ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত অভিযুক্ত ৪১৪ গৰাকী প্ৰাৰ্থী ৷ ন্যায়ালয়ে অহা বৃহস্পতিবাৰে অসম আৰক্ষীক ভুৱা প্ৰমাণপত্ৰৰ উপযুক্ত প্ৰমাণ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

বলীউডৰ দিশে ক্ৰিকেট তাৰকা শিখৰ ধৱন

টীম ইণ্ডিয়াৰ অপেনাৰ শিখৰ ধৱন আগবাঢ়িছে বলীউডৰ দিশে । প্লেগ্ৰাউণ্ডৰ পৰা আহি এইবাৰ ছবি জগতৰ পৰ্দাত ভাগ্য পৰীক্ষা কৰিবলৈ ওলাইছে তাৰকাজন (Shikhar Dhawan bollywood debut) ৷ এই বছৰেই বলীউডত আত্মপ্ৰকাশ কৰিব খেলুৱৈজনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.