ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 9 A.M
পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 13, 2020, 9:03 AM IST

মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

দীপাৱলীলৈ মাজত মাথো এটা দিন বাকী ৷ ক’ভিড-19 ৰ ভয়াৱহতা লোপ পোৱা নাই যদিও, পোহৰৰ উৎসৱ দীপাৱলীক লৈ প্ৰবল উচাহ দেখা গৈছে ৰাইজৰ মাজত ৷ তাৰ মাজতে এইবাৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ফটকা ফুটোৱা আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বায়ু প্ৰদূষণ আৰু ক'ভিড ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ প্ৰাৱল্যৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৷

হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ সদগতিৰ কামনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লামডিং যুৱ কংগ্ৰেছৰ উদ্যোগত হোজাইৰ নখুটীত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বহু সংখ্যক কংগ্ৰেছ কৰ্মী ৷

অসম আৰক্ষীত এক নৱতম সংযোজন

অসমৰ আৰক্ষী ব্যৱস্থাত এক নৱতম সংযোজন ৷ বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱালে গুৱাহাটীত Virtual Court and e-Challan Project-ৰ শুভ উদ্বোধন কৰে। ইয়াৰ যোগেদি এক কেন্দ্ৰীভূত ট্ৰেকিং ব্যৱস্থাৰ অধীনত যান-বাহন বিধি উলংঘাকাৰীয়ে ক'ৰ্টলৈ নোযোৱাকৈ ডিজিটেলী জৰিমনা দিব পাৰিব।

মন্ত্ৰী পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ

বুধবাৰে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই জোনবিল মেলাৰ পাৰত থকা ডালমিয়া চিমেন্ট কোম্পানীটোৰ স্থাপন কৰাৰ প্ৰসংগত বক্তব্য আগবঢ়াই কৈছিল যে, জোনবিলৰ অস্তিত্ব নাই । মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনবিল মেলা পৰিচালনা সমিতিয়ে ৷

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰীয়ে

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বাবে নিৰ্বাচনী আয়োগে অধিসূচনা জাৰি কৰাৰ পূৰ্বেই মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে দমাল সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ বৃহস্পতি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি সকলোকে ভোজ-ভাত খুৱায় বিধায়ক গৰাকীয়ে ৷

ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ

ডিব্ৰুগড়ৰ বাণীপুৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত আবন্টিত ভূমি গোপনে বিক্ৰী কৰাকলৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি। দালাল চক্ৰই বিক্ৰী কৰিলে ভূপেন হাজৰিকা আৰু সৰ্বানন্দ সিংহৰ স্মৃতি সৌধৰ বাবে আবন্টিত ভূমি । ২০১৭ চনত বানীপুৰত ভূপেন হাজৰিকাৰ স্মৃতি শৌধ নিৰ্মাণৰ বাবে বকুল চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰদান কৰিছিল ১ বিঘা ৩ কঠা ভূমি।

দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ শংকা আৰু শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত নগাঁৱৰ জিলা দণ্ডাধীশ কবিথা পদ্মনাভণে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰিছে। প্ৰশাসনে দীপাৱলী, শ্ৰী শ্ৰী কালী পূজা, ষট পূজা, বৰদিন আৰু নিউ ইয়েৰ ইভ উদযাপন কৰাক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ।

নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক...

তিনিচুকীয়া জিলাৰ এক পাৰ্শ্বৱৰ্তী অঞ্চল বাৰেকুৰী ন-মতাপুং গাঁৱৰ জলীন চেতিয়া নামৰ লোকজনে নাৰ্জী ফুলৰ খেতিৰে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন । প্ৰায় দহ বিঘাৰো অধিক মাটিত নাৰ্জী ফুলৰ খেতি কৰি নিজৰ লগতে আৰু দহটা পৰিয়ালৰ ভৰসা হৈ পৰিছে জলীন চেতিয়া ।

সম্প্ৰতি অসমত সাংবাদিকসকল নিৰাপত্তাহীন : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

বৃহস্পতিবাৰে জিলা ছাত্ৰ সন্থাৰ অধিৱেশন উপলক্ষে নলবাৰীত উপস্থিত হৈ সাংবাদিক পৰাগ ভূঞা হত্যাকাণ্ড সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । সম্প্ৰতি অসমত সাংবাদিকসকলৰ নিৰাপত্তা নাই বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷

তালাপ বাইপাছত পথ দুৰ্ঘটনাত নিহত এজন

তালাপ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক ৷ দ্ৰুতবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুণ্ডা মাৰে । ফলত বাইক চালক বিদেন সুৰেন (36) নিহত হয় আৰু মনচুক বাৰলা গুৰুতৰভাৱে আহত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.