গুৱাহাটী,1 জুলাই: এক জুলাই অৰ্থাৎ চিকিৎসক দিৱস ৷ দেশত চলি থকা জটিল সময়ৰ সন্ধিক্ষণতে পালন কৰা হৈছে চিকিৎসকৰ বাবে সংৰক্ষিত এই বিশেষ দিনটো ৷ চিকিৎসক মানে যেন সাধাৰণ লোকৰ দৃষ্টিত ভগৱানৰ শাৰীত থকা লোক ৷ বিশ্বৰ ভিন্ন প্ৰান্তত চিকিৎসক দিৱসটি ভিন্ন তাৰিখত উদযাপন কৰা হয় ৷
কিন্তু কৰ’ণাৰ ব্যাপক সংক্ৰমণে এইবাৰ যেন সকলো চিকিৎসকে হাহাকাৰ কৰি তুলিলে ৷ নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি চিকিৎসকসকল এইবেলি ব্যস্ত হৈ পৰিছে কৰ’ণা ৰোগীৰ চিকিৎসাত ৷ অধিক জটিল সময়তো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ থমকি নৰ’ল কোনো ৷ এনে সময়তে পালন কৰা হৈছে চিকিৎসক দিৱস ৷
আজিৰ দিনটোতো চিকিৎসক সকলে পিপিই কিট পিন্ধি,পৰিয়ালৰ পৰা দূৰৈত থাকি অহৰহ আগবঢ়াইছে চিকিৎসা সেৱা ৷ এনে পৰিৱেশৰ মাজতো আজিৰ বিশেষ দিনটোত সকলো চিকিৎসকে ব্যস্ত হৈ পৰিছে মানৱ সেৱাত ৷
লগতে চাওকঃ আগন্তুক বৰ্ষত দৰ্শনাথীৰ বাবে মুকলি হ'ব ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল