ETV Bharat / bharat

কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান; মণিপুৰৰ শাসক পক্ষৰ সংকল্প - MANIPUR UNREST

৭ দিনৰ ভিতৰত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰাৰ সংকল্প মণিপুৰৰ শাসকীয় দলৰ বিধায়কৰ ৷ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধ্যক্ষতাত জৰুৰী বৈঠক ৷

MANIPUR UNREST
মণিপুৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 6:59 AM IST

গুৱাহাটী: মণিপুৰৰ শাসকীয় বিধায়কসকলে ৭ দিনৰ ভিতৰত জিৰিবামত ছয়গৰাকী নিৰীহ মহিলা আৰু শিশু হত্যাৰ বাবে দায়ী কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে পূৰ্ণ শক্তিৰে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সোমবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত শাসকীয় বিধায়কসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

৭ দিনৰ ভিতৰত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰাৰ সংকল্প লোৱাৰ উপৰিও ৰাজ্যৰ ছখন আৰক্ষী থানা এলেকাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) জাৰি কৰা ১৪ নৱেম্বৰৰ আদেশ পুনৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ব্যৱস্থা গ্ৰহণৰ সংকল্প লৈছিল ।

জিৰিবামত ছয়গৰাকী নিৰীহ মহিলা আৰু শিশুৰ হত্যা, যোৱা ৭ নৱেম্বৰত জয়ৰৱান গাঁৱত এগৰাকী মাৰ মহিলাৰ হত্যা আৰু বিষ্ণুপুৰ জিলাৰ চাইটনত মেইটেই কৃষক মহিলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰসমূহ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক গতাই দিয়াৰ পৰামৰ্শও শাসকীয় বিধায়কসকলে আগবঢ়ায় ।

জিৰিবামত ছয়গৰাকী মহিলা আৰু শিশুক হত্যা কৰাৰ বাবে দায়ী কুকি উগ্ৰপন্থীক ৭ দিনৰ ভিতৰত অবৈধ সংগঠন বুলি ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

বৈঠকত এই সংকল্পও লোৱা হয় যে যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত উপৰোক্ত প্ৰস্তাৱ কাৰ্যকৰী নহয়, তেন্তে এন ডি এৰ বিধায়কসকলে ৰাজ্যবাসীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব । ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও বৈঠকত সংকল্প লোৱা হয় ।

বিধায়ক-মন্ত্ৰীৰ ঘৰ-সম্পত্তিত একাংশ লোকে আক্ৰমণ কৰা বৰ্বৰ কাৰ্যক গৰিহণা দি উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত ।

উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হোৱা জৰুৰী বৈঠকত ৰাজ্যৰ ২৭ গৰাকী শাসকীয় বিধায়ক আৰু মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে আন ৭ গৰাকী ফোনযোগে অৱগত কৰা চিকিৎসাজনিত কাৰণৰ ভিত্তিত অনুপস্থিত থাকে । কিন্তু শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ এঘাৰজন সদস্য কোনো কাৰণ নোহোৱাকৈয়ে সভাত অনুপস্থিত থাকে ।

ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত শাসকীয় বিধায়ক-মন্ত্ৰীসকলৰ জৰুৰী বৈঠক আহ্বান কৰা হয়, যাৰ বাবে ৰাজ্য চৰকাৰে ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কাকচিং,কাংপোকপি আৰু চুৰাচান্দপুৰকে ধৰি সাতখন জিলাত সোমবাৰৰ পৰা ২০ নৱেম্বৰলৈ ইণ্টাৰনেট সেৱা কৰ্তনৰ সময় বৃ্দ্ধি কৰিবলৈ বাধ্য হয় ।

সোমবাৰেও মণিপুৰত বিশেষকৈ ৰাজ্যৰ ৰাজধানী ইম্ফলত হোৱা হিংসাত্মক পৰিস্থিতিক লৈ প্ৰতিবাদ অব্যাহত থাকে ৷ য’ত সোমবাৰে মণিপুৰ সংহতিৰ সমন্বয় সমিতিয়ে জি এছ টি কাৰ্যালয়, ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয় আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় বন্ধ কৰি দিয়ে ।

মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও সোমবাৰে ইম্ফলত মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি সংঘাতৰ শীঘ্ৰে সমাধান আৰু জনসাধাৰণৰ নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । দেওবাৰে নিশা জিৰিবামৰ পৰাও হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি প্ৰকাশ পাইছিল ৷ চি আৰ পি এফে প্ৰতিবাদ কৰি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনাৰ আশ্ৰয় ল’বলগীয়া হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.