ETV Bharat / state

এছ আই বৰ্ণালী গোঁহাইৰ প্ৰহাৰত আহত হোৱা নাছিল শিশু ! এছ পি মিশ্ৰকই ক’লে প্ৰমাণ নাই - JORHAT SP DENIES ALLEGATION

ভোগদৈ আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ । প্ৰকৃততে কি হৈছিল ?

Jorhat SP Shwetank Mishra
যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 7:34 AM IST

যোৰহাট: এদিন পূৰ্বে যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বাবে এটি ৩মহীয়া শিশু আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে । এই ঘটনা সন্দৰ্ভত সোমবাৰে যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ঘটনাৰ আঁৰৰ কাহিনী ব্য়াখ্য়া কৰাত ঘটনাটোৱে লৈছে নতুন মোৰ ।

অভিযোগৰ ভিত্তিতহে চলোৱা হৈছিল তালাচী

জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলত শ্বেতাংক মিশ্ৰ কয় যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ লাভ কৰা নাই । যোৰহাট আৰক্ষীয়ে অংকুৰ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল । সেই ড্ৰাগছ সৰবৰাহকাৰীৰ ভাষ্যৰ ভিত্তিত ভোগদৈ আৰক্ষীৰ উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইৰ নেতৃত্বত এটা দল বৰিগাঁৱৰ মহিলাগৰাকীৰ ঘৰত তালাচী চলাবলৈ গৈছিল । এই তালাচী অভিযানৰ সময়তে উপ-পৰিদৰ্শক বৰ্ণালী গোঁহাইয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে তেওঁৰ ৩ মহীয়া শিশুটিও আঘাতপ্ৰাপ্ত হোৱাৰ এক অভিযোগ উত্থাপন কৰিছিল ।

যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ (ETV Bharat Assam)

সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰাৰম্ভিক তদন্তত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে । তালাচীৰ সময়ৰ ভিডিঅ' ফুটেজত উপ-পৰিদৰ্শকগৰাকীয়ে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰা কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই ।‌ তদুপৰি উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ সপক্ষে দুগৰাকীকৈ সাক্ষী থকাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

অভিযুক্তই ড্ৰাগছৰ বাবে ৰঙাঘৰৰ আলহী হৈছিল

আনহাতে, এই মহিলাগৰাকীৰ স্বামীও চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত বৰ্তমান ৰঙাঘৰৰ আলহী হৈ আছে । ইফালে, মহিলাগৰাকী নিজেও ২০১৯ চনত ড্ৰাগছৰ বাবে ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল বুলি সংবাদমেলত উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "মহিলাগৰাকীয়ে আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁই বিৰুদ্ধে দিয়া এজাহাৰো বৰ্তমানলৈকৈ পঞ্জীয়ন হোৱা নাই ।"

লগতে পঢ়ক:সোধা-পোছাৰ নামত মহিলাক প্ৰহাৰ; ভোগদৈ থানাৰ আই চিৰ বিৰুদ্ধে এজাহাৰ

মুঠ পাঁচটা ধাৰাত নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.