ETV Bharat / politics

খং-অভিমান সামৰি পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিব নেকি অসম জাতীয় পৰিষদে ? - AJP ALLIANCE WITH CONGRESS

পুনৰ কংগ্ৰেছৰে আলোচনাত বহাৰ সম্ভাৱনা প্ৰকাশ লুৰিণজ্যোতি গগৈৰ । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হ’ব পাৰে মিত্ৰতা ৷

AJP ALLIANCE WITH CONGRESS
কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম জাতীয় পৰিষদৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 8:59 AM IST

ডিব্ৰুগড়: নগাৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দলটো গঠন হোৱা পাছৰে পৰা আজি পৰ্যন্ত কেইবাটাও নিৰ্বাচনত দলটোৰ কেবাগৰাকীও নেতা অৱতীৰ্ণ হৈছে যদিও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । তথাপিও ৰাজ্যৰ প্ৰতিখন জিলাতে নিজৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই ।

সমাগত পঞ্চায়ত আৰু 2026 বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা কৰা সময়তে সোমবাৰে অনুষ্ঠিত হ’ল অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ জাতীয় সাধাৰণ অধিৱেশন । ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় সাধাৰণ অধিৱেশন ।

কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম জাতীয় পৰিষদৰ (ETV Bharat)

এই অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীকে ধৰি বহু কেইজন নেতা । এই জিলা অধিৱেশনত বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত ।

লগতে পঢ়ক: অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কুছকাৱাজ আৰম্ভ কৰাৰ লগতে জিলাখনৰ প্ৰতিটো সমষ্টিত দলটোৰ ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনা কৰা হয় । দলটো শক্তিশালী কৰাৰ পৰিকল্পনাৰ লগতে 2026 ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে দলটোৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

পঞ্চায়ত নিৰ্বাচনত পুনৰ কংগ্ৰেছৰে একত্রিত হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ:

উপ- নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতে সংঘাত সৃষ্টি হৈছিল অসম জাতীয় পৰিষদৰ লগতে আন বিৰোধী দলসমূহৰ । কিন্তু বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ইংগিত দি সোমবাৰে সন্ধিয়া লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ কথা আমি আগৰ পৰাই কৈ আহিছো । কিন্তু উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ঐক্যবদ্ধ হোৱাৰ কথাটো নামানিলে । মূল কথাটো আছিল 2026 ৰ বিধানসভা নিৰ্বাচনলৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে অসমত আশাবাদী ৰাজনৈতিক পৰিবেশ গঢ় লৈ উঠিব ।’’

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰে আলোচনাত বহাৰ সম্ভাৱনাৰ কথা কয় লুৰিণজ্যোতি গগৈয়ে । ‘‘শক্তিশালী বিৰোধী শক্তি গঠন কৰিবলৈ সকলোৰে সৈতে আলোচনাত বহা হ'ব । কংগ্ৰেছ দলে যদিও লোকসভা নিৰ্বাচনত তিনিটা সমষ্টিত জয়ী হৈছে, যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ মূল শক্তি আছিল বিৰোধীৰ একতা । অসম জাতীয় পৰিষদে সদায় দলীয় স্বাৰ্থৰ উৰ্দ্ধত গৈ অসমৰ সুৰক্ষাৰ চিন্তাৰে আগবাঢ়িব বিচাৰে ।’’ লুৰিণজ্যোতি গগৈয়ে কয় ৷

লগতে পঢ়ক: বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি কটাক্ষ লুৰীণজ্যোতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.