নগাঁও: হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ২০১৭ চনতে জন্ম হৈছিল 'হাতী বন্ধু' নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ । প্ৰকৃতিপ্ৰেমী তথা গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক প্ৰদীপ ভূঞা আৰু নগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ প্ৰচেষ্টাতেই জন্ম লাভ কৰা হাতী বন্ধুৱে আজিৰ দিনত নিজৰ লক্ষ্য আৰু উদ্দেশ্যত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
হাতী-মানুহৰ সংঘাত ৰোধৰ কৰাৰ লগতে নগাঁৱৰ চাপানলা, হাতীখুলি ৰংহাং গাৱঁকে ধৰি নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকাৰ কৃষকৰ উৎপাদিত ধান সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেই এই সংগঠনটোৰ উদ্যোগত গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ । ২০১৭ চনত জন্মগ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ উদ্যোগত ২০১৮ চনৰ পৰাই নগাঁও, কাৰ্বি আংলং জিলাৰ সীমান্তত হাতীৰ খাদ্য যোগানৰ চিন্তা চৰ্চা আৰম্ভ কৰিছিল প্ৰদীপ ভূঞাৰ লগতে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই । ভবা মতেই ২০১৮ চনতে বনৰীয়া হাতীৰ বাবে ধান খেতি আৰম্ভ কৰে সংগঠনটোৱে ।
প্ৰথম বৰ্ষতে নগাঁও, কাৰ্বি আংলং সাীমান্ত পাহাৰৰ দাঁতিত ধান খেতি কৰি হাতী-মানুহৰ সংঘাত বহু পৰিমানে ৰোধ কৰাৰ লগতে ভৈয়ামৰ কৃষকৰ কষ্টোপাৰ্জিত ধান হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে । তথ্য অনুসৰি, ২০১৮ চনৰ পূৰ্বে চাপানলা, হাতীখুলি ৰংহাং গাঁৱকে ধৰি নগাঁও, কাৰ্বি আংলং সীমান্তত বিশেষকৈ নৱেম্বৰ, ডিচেম্বৰত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছিল হাতী-মানুহৰ সংঘাতৰ ঘটনা । ক'ৰবাত যদি বনৰীয়া হাতী আঘাতপ্ৰাপ্ত হৈছিল, আন ক'ৰবাত আকৌ বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছিল ।
কেৱল এয়াই নহয়, হাতীখুলি ৰংহাং, চাপানলাৰ এটা বৃহত্তৰ এলেকা সামৰি থকা কেইবাহাজাৰ বিঘা ভূমিত কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি বিনষ্ট কৰিছিল বনৰীয়া হাতীৰ জাকে । কিন্তু ২০১৮ চনৰ পৰাই হাতী বন্ধু নামৰ সংগঠনটোৱে হাতীখুলি ৰংহাং গাঁৱত কৰা ধান খেতিৰ লগতে, চাপানলা, হাতীখুলি আদি অঞ্চলৰ পাহাৰত নেপিয়াৰ ঘাঁহৰ লগতে বিভিন্ন ফল-মূলৰ খেতি কৰাত খাদ্য সংকট কিছু হ'লেও দূৰ হৈছে বনৰীয়া হাতীৰ । যাৰ ফলতেই অন্তত দুটা মাহ হাতী বন্ধুৱে যোগান ধৰা খাদ্য খোৱাতে ব্যস্ত থকা বনৰীয়া হাতীয়ে বিনষ্ট নকৰা হৈছে কৃষকৰ ধাননি । আনকি খাদ্যৰ অভাৱত নপৰা নগাঁও, কাৰ্বি আংলং সীমান্তৰ বন্যহস্তীয়ে মানুহৰো কোনো অপকাৰ নকৰা হৈছে ।
হাতীৰ বাবে ধান খেতি:
বিগত ছটা বছৰে কৰি অহাৰ দৰেই এইবেলিও বনৰীয়া হাতীৰ বাবে ধান খেতি কৰি হাতী বন্ধুৱে দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমৰ অনন্য নিদৰ্শন । এই বছৰো নগাঁও, কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী হাতখুলি ৰংহাং গাঁৱত দুশ বিঘা ভূমিত কেৱল হাতীৰ বাবেই ধান খেতি কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে । হাতীৰ বাবে কৰা ধান পকাৰ লগে লগেই পাহাৰৰ পৰা নামি আহিছে বন্যহস্তীৰ জাক । পাহাৰৰ পৰা জাকে জাকে নামি অহা বনৰীয়া হাতীয়ে এতিয়া নিশা এফালৰ পৰা খাইছে এই ধান খেতি ।
হাতীৰ বাবে ধান খেতি কৰাৰ ফল:
হাতীখুলি ৰংহাং গাঁৱৰ পাহাৰৰ দাঁতিত হাতী বন্ধুৰ উদ্যোগত কৰা ধান খেতিলৈ বিগত এপষেক ধৰি নামি আহিছে হাতীৰ জাক । হাতীৰ বাবে কৰা ধান খেতি খাই থাকোতেই ভৈয়ামৰ কৃষকেও চপাবলৈ আৰম্ভ কৰিছে নিজৰ কৃষিভূমিত কৰা খেতি । এফালে হাতীৰ বাবে কৰা ধান খেতি বনৰীয়া হাতীয়ে খাই থকাৰ বিপৰীতে আনফালে কৃষকেও চপাইছে পথাৰৰ ধান ।
হাতীৰ বাবে কৰা ধান খেতি হাতীয়ে কিদৰে খাদ্য হিচাপে গ্ৰহণ কৰিছে অথবা হাতীয়ে খোৱা ধান খেতিৰ পৰিমাণ নিৰীক্ষণ কৰিবলৈ পাহাৰতে ওখ টঙী সাজি পত্নী তথা হাতী বন্ধুৰ সৈতেই জড়িত মেঘনা ময়ুৰ হাজাৰিকাক লগত লৈ নিশা কটাইছে সংগঠনটোৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই ।
হাতী মানুহৰ সংঘাতৰ পৰিণতি:
বন বিভাগৰ এক তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত হাতী মানুহৰ সংঘাতত ৰাজ্যত ৭৫ গৰাকীৰ মৃত্যু হোৱাৰ লগতে ২০২০-২১ বৰ্ষত ৯১ গৰাকী, ২০২১-২২ বৰ্ষত ৬৩ গৰাকী, ২০২২-২৩ বৰ্ষত ৮০ গৰাকীৰ মৃত্যু হৈছে হাতী -মানুহৰ সংঘাতত ৷ একেদৰে, ২০২৩-২৪ বৰ্ষৰ আগষ্টলৈকে ৭৪ গৰাকী লোকৰ মৃত্যু হৈছে হাতী-মানুহৰ সংঘাতৰ ফলত ।
আনহাতে, ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ লৈকে ৰে'ল দুৰ্ঘটনাত ২৪ টা হাতীৰ মৃত্যু হোৱা বুলিও তথ্যত প্ৰকাশ । ২০১৮-২০ চনৰ পৰা ২০২৩-২৪ চনলৈকে ৫৫টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সমান্তৰালকৈ ২০২২-২৩ চনত ২ টা হাতী চোৰাং চিকাৰীৰ হাতত নিধন হৈছে আৰু ২০২৩-২৪ চনত এটা হাতী চোৰাং চিকাৰীয়ে হত্যা কৰিছে ।
ইপিনে, বনৰীয়া হাতীৰ বাবে নগাঁও, কাৰ্বি আংলং সীমান্তত ধান খেতি কৰি সফলতা লাভ কৰা হাতী বন্ধুৰ উদ্যোগতেই গোলাঘাট জিলাতো হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিগত পাঁচ বছৰ ধৰি ধান খেতি কৰি এই সংঘাত বহুখিনি ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি ইটিভি ভাৰতৰ সন্মুখত উল্লেখ কৰে বিনোদ দুলু বৰাই ৷ হাতী-মানুহৰ সংঘাত হোৱা অসমৰ প্ৰতিটো প্ৰান্ততে এনে পদক্ষেপ গ্ৰহণ কৰিলে হাতী মানুহৰ ৰোধ কৰাটো সমভৱ হ'ব বুলিও আশা প্ৰকাশ কৰিলে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই । লগতে তেওঁ হাতী বন্ধুৰ মুখ্য সঞ্চালক প্ৰদীপ ভূঞাকো ধন্যবাদ জ্ঞাপন কৰে ।
বনৰীয়া হাতীকো মৰম দিলে হাতীয়ে মৰমেৰেই প্ৰত্যুত্তৰ দিয়ে বুলি বিশ্বাসী বিনোদ দুলু বৰাই বনৰীয়া হাতী দেখিলেই খেদা খেদি, আক্ৰমণ তথা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰিবলৈয়ো আহ্বান জনায় ।