নিউজ ডেস্ক,24 জানুৱাৰী : তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৱ ভাৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ দুখনকৈ জিলাত জনসভাত অংশগ্ৰহণ কৰিব ৷ প্ৰথমে কোকৰাঝাৰ জিলাত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক ক্ষণত জনতাক সম্বোধন কৰিব শ্বাহে ৷ তাৰ পিছতে নলবাৰী জিলাত বিজয় সংকল্প সমোৰহত অংশগ্ৰহণ কৰিব অমিত শ্বাহে ৷
ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত শনিবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডৰ নিৰাপত্তা প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ গ্ৰীণফিল্ডত উপস্থিত হয় এডিজিপি এল আৰ বিঞ্চৈ ৷ একেদৰে নলবাৰী জিলাতো আৰক্ষী আৰু প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী অসমত উপস্থিত হোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থা, ৰাইজৰ দল, অসম জাতীয় পৰিষদে CAAৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুকে ধৰি ৰাইজৰ দলে অনশন, জোঁৰ সমদলৰে প্ৰতিবাদ কৰিছে ৷ ৰাইজৰ দলে অতি শীঘ্ৰে কাৰগাৰত বন্দী কৰি থোৱা অখিল গগৈক মুক্তিৰ দাবী জনাইছে ৷ ইপিনে উক্ত প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰশাসনে নলবাৰী জিলাত 144 ধাৰা জাৰি কৰিছে ৷ জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি বহু বিজেপিৰ নেতা উপস্থিত থাকিব ৷
লগতে পঢ়কঃ অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ললে এডিজিপি এল আৰ বিঞ্চৈই