ETV Bharat / state

পুনৰ এবছৰলৈ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা - ৰাজ্য চৰকাৰ

ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিনযুক্ত গুটকা,পান মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

পুনৰ এবছৰলৈ ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা

author img

By

Published : Jan 11, 2021, 7:52 PM IST

Updated : Jan 11, 2021, 8:28 PM IST

গুৱাহাটী, ১১ জানুৱাৰী: খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধীনত গুটকা,পান মছলা,ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা,সৰবৰাহ,বিতৰণ,প্ৰদৰ্শন বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে।

পুনৰ এবছৰলৈ ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা
পুনৰ এবছৰলৈ ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা

উল্লেখ্য যে,কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামেৰ দাবীৰ ভিত্তিত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তই ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰথম বাৰৰ কাৰণে অসমত গুটকা, পান মছলা,ধঁপাত আৰু নিক'টিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত,জমা,সৰবৰাহ,বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি নিৰ্দেশনা জাৰি কৰিছিল কিন্তু এই নিষেধাজ্ঞাৰ ম্যাদ আছিল ২০২০ চনৰ ১১ নৱেম্বৰলৈ।

কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাৰ নেতৃত্বত ফৰামৰ প্ৰতিনিধ দল এটাই ২০২০ চনৰ ১১ নৱেম্বৰত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তৰ দাযিত্বত থকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীক সাক্ষাৎ কৰি এই নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধিৰ দাবী উত্থাপন কৰে। ফৰামে আয়ুক্ত সচিব গৰাকীক এই সন্দৰ্ভত এখন পত্ৰও প্ৰদান কৰে।

নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনাই ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে,বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা,আইচিএমআৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ধঁপাত বা নিকোটিনযুক্ত গুটকা,পান মছলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই জন স্বাস্থ্যৰ ওপৰত নিশ্চয় আশানুৰূপ প্ৰভাৱ পেলাব।

লগতে পঢ়ক: বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সামগ্ৰী বিতৰণ

Last Updated : Jan 11, 2021, 8:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.